Child abuse at Hojai: হোজাই কাণ্ডত সাঙোৰ খাইছে শিক্ষয়িত্ৰীৰ নাম
হোজাই,২৪ জুন: এটি শিশুক অকথ্য নিৰ্যাতন চলাই ৰঙাঘৰত সোমাল প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰীৰ লগতে তেওঁৰ পত্নী । এই সন্দৰ্ভত হোজাই আৰক্ষী অধীক্ষকে এক সংবাদমেলযোগে সদৰি কৰিছিল সকলো তথ্য । আৰক্ষীয়ে শিশু নিৰ্যাতনত লিপ্ত হোৱা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পত্নীক দুদিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আৱেদন কৰিছিল । আৰক্ষীয়ে ফাৰহানা বেগমক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চোধুৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰে ।
ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি লাভ কৰিছে বহু বিস্ফোৰক তথ্য । হোজাই আৰক্ষী অনুসন্ধানত নতুনকৈ প্ৰাক্তন মন্ত্ৰী হাজী আব্দুৰ ৰোফ চৌধুৰীৰ কাণ্ডত নাম সাঙোৰ খাই পৰিছে এগৰাকী মাদ্ৰাছা শিক্ষয়িত্রীৰ । শিক্ষয়িত্রীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি ৪ হাজাৰ টকাৰ বিনিময়ত শিক্ষয়িত্ৰীগৰাকীয়ে শিশুটিক যোগান ধৰিছিল হাজী আব্দুৰ ৰোফ চৌধুৰীৰ ঘৰত । ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে অধিক তথ্যৰ লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে শিক্ষয়য়িত্ৰীগৰাকীক ।
লগতে পঢ়ক:Saints gather in Kamakhya: অম্বুবাচীৰ তৃতীয় দিনাও নীলাচলত ভক্তৰ ভিৰ