Tea workers protest: কৰম পূজাৰ বন্ধক পেইড হলিডে ঘোষণাক লৈ বালিজান চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ - বালিজান চাহ বাগিচা
Published : Sep 20, 2023, 4:59 PM IST
ডিব্ৰুগড়, ২০ ছেপ্টেম্বৰ:চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজাৰ বন্ধক পেইড হলিডে' ৰূপে বিবেচিত কৰা সিদ্ধান্তক লৈ ৰাজ্যৰ চাহ বাগিচাই বাগিচাই আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ । কৰম পূজাৰ বন্ধক পেইড হলিডে’ ঘোষণা কৰাক লৈ চাহ শ্ৰমিক তথা জনগোষ্ঠীটোক চৰম অপমান হিচাপে গণ্য কৰি চাবুৱাৰ বালিজান চাহ বাগিচাত আটছা আৰু চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকে বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে ৰামেশ্বৰ তেলী, সঞ্জয় কিষাণ, পৱন সিং ঘাটোৱাৰ চাহ জনগোষ্ঠীয় নেতাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তপ্ত কৰিলে । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে এক জাননী যোগে আগন্তুক ২৫ ছেপ্টেম্বৰৰ দিনটো কৰম পূজা উপলক্ষে পেইড হলিডে' ঘোষণা কৰিছে ।
নিৰ্দেশনা অনুযায়ী শ্ৰমিক কল্যাণ বিভাগে ২৫ ছেপ্টেম্বৰৰ দিনটো কৰম পূজাৰ বন্ধ দিন হিচাপে ঘোষণা কৰিছে যদিও চাহ শ্রমিক সকলে পৰৱৰ্তী যি কোনো এটা দেওবাৰে বা সাপ্তাহিক ছুটিৰ দিনত উক্ত দিনৰ বন্ধৰ বিপৰীতে বাগিচা আৰু কল ঘৰত কাম কৰি দিব লাগিব । ইয়াৰ পাচতে চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে ।
লগতে পঢ়ক:MLA Terosh Gowalla: চাহ শ্ৰমিকক দৰমহাসহ কৰম পূজা বন্ধ দিবলৈ আহ্বান বিধায়ক তেৰছ গোৱালাৰ