Protest in Samaguri: চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ৰঙাগড়া চাহ বাগান - চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল ৰঙাগড়া চাহ বাগান
Published : Sep 13, 2023, 1:12 AM IST
চামগুৰি,১২ ছেপ্টেম্বৰ:চামগুৰিৰ ৰঙাগড়া চাহ বাগানত পুৱাই অসম চাহ মচদুৰ সংঘৰ পাঁচ শতাধিক মহিলা, পুৰুষ শ্ৰমিক ওলাই আহি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । বহু সংখ্যক চাহ শ্ৰমিকে এৰিয়াৰ, বকেয়া, মজুৰিৰ বৰ্তমানলৈকে লাভ কৰিব লগীয়া ধন নোপোৱাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
বিজেপি চৰকাৰ গ' বেক, হিমন্ত বিশ্ব শৰ্মা গ' বেক, চাহ শ্ৰমিক জিন্দাবাদ ধ্বনিৰে উত্তাল কৰে ৰঙাগড়া চাহ বাগানৰ কাৰ্যালয় । অসম চাহ নিগমৰ কেইবাখনো বাগান ইতিমধ্যে কেইবাটাও ব্যক্তিগত কোম্পানীক গতাই দিছে, তাৰ মাজৰে বোকাহোলা কোম্পানীয়ে আগষ্ট মাহতে শ্ৰমিকসকলে পাবলগীয়া ধনখিনি আদায় দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিও ধনখিনি নোপোৱাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ মজদুৰ সংঘৰ শ্ৰমিকসকলে ।
লগতে পঢ়ক:Safe Childhood Golden Assam: মৰিগাঁৱত জ্যেষ্ঠ সাংবাদিক ড৹ মাইনী মহন্ত