ETV Bharat Assam

অসম

assam

video thumbnail
উচ্ছেদৰ বিৰোধিতাৰে চাহ শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat / videos

Protest against eviction: উচ্ছেদৰ বিৰোধিতাৰে চাহ শ্ৰমিকৰ প্ৰতিবাদ - ATTSA protest against eviction

author img

By

Published : May 4, 2023, 9:59 PM IST

তিনিচুকীয়া, 4 মে': বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ দীঘলতৰং চাহ বাগিচাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । অইল ইণ্ডিয়া লিমিটেডে তৈল খননৰ বাবেই বাগিচা উচ্ছেদ কৰিবলৈ লওতেই স্থানীয় শ্ৰমিক সকলে বাধা প্ৰদান কৰে । বাগিচা উচ্ছেদ কৰা সময়ত স্থানীয় শ্ৰমিকসকলে বাধা প্ৰদান কৰাৰ লগতে শ্ৰমিকসকল উত্তেজিত হৈ পৰে (Tea workers protest against eviction in Dumduma) ।  

উত্তেজিত শ্ৰমিক ৰাইজক শান্ত কৰিবলৈ উচ্ছেদস্থলীত বৃহৎ আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ দল মোতায়ন কৰে । ফলত শ্ৰমিক আৰু দল-সংগঠন লগত আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা (ATTSA protest against eviction), অসম চাহ মজদুৰ সংঘ চমুকৈ ACMS আৰু শ্ৰমিক ৰাইজে বাগিচা উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Protest against eviction) ।  

খালী ঠাইত অইল ইণ্ডিয়া লিমিটেডে খনন কৰি তেল উৎপাদন কৰাত আপত্তি নাই, কিন্তু চাহ গছ উচ্ছেদ কৰি অইলৰ খাদ স্থাপন দিয়া নহ’ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷ এনেদৰে যদি চাহ গছ উচ্ছেদ কৰি তৈল খাদ স্থাপন কৰি থাকে এটা সময়ত চাহ বাগিছাৰ লোকসকল কেনেকৈ চলিব, কি খাব বুলি ক্ষোভ প্ৰকাশ কৰে ৷ 

লগতে পঢ়ক:Naga aggression at Mariani : অসমৰ মাটিত নগাক নিদিলে প্ৰাণে মৰাৰ ভাবুকি অসমীয়াক

ABOUT THE AUTHOR

author-img

...view details