অসম

assam

ৰাজ্যৰ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat / videos

ACMS protest in Assam :লখিমপুৰত প্ৰাপ্যৰ দাবীত গৰজি উঠিল চাহ শ্ৰমিক - tea worker demand sc

By

Published : Aug 11, 2023, 8:04 PM IST

লখিমপুৰ, ১১ আগষ্ট: চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আজি সমগ্র ৰাজ্যৰ চাহ বাগিচাত শ্ৰমিকসকলে প্ৰতিবাদ সাব্য়স্ত কৰে । শুকুৰবাৰে তেওলোকৰ দীর্ঘদিনীয়া সমস্যা সমুহ সমাধান নকৰাৰ প্ৰতিবাদত শ্ৰমিক সকলে গৰজি উঠে। সদৌ অসম চাহ মজদুৰ সংঘৰ উদ্যোগত ১৬ দফীয়া দাবী পুৰণৰ বাবে বাগিচাই বাগিচাই শ্ৰমিক সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰৰ ৯ খন চাহ বাগিচাতো শ্ৰমিক সকলে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ।  

চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা,চাহ জনগোষ্ঠীক জনজাতিকৰণ,চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয় সমুহ চৰকাৰী কৰণ,চৰকাৰী চাকৰিৰ তিনি শতাংশ আসন চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰা,উন্নত স্বাস্থ্য় সেৱা প্ৰৱৰ্তন,ভূমিপট্টা প্ৰদান কৰাকে আদি কৰি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ১৬ টা দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদৰ অন্তত তেওঁলোকে চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ জৰিয়তে মুখ্যমন্ত্রী আৰু শ্ৰম মন্ত্রীৰ লগতে শ্ৰম আয়ুক্ত লৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Price hike in Assam: দামবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্রীৰ সুৰতে সুৰ মিলালে যোগান মন্ত্রীয়ে

ABOUT THE AUTHOR

...view details