Tense situation at Sonajuli Tea Estate : ৰঙাপৰাৰ সোনাজুলি চাহ বাগিচাত শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
ৰঙাপৰা, 27 জানুৱাৰী : হঠাৎ উত্তেজিত হৈ পৰিল শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সোনাজুলি চাহ বাগিচা (Tense situation at Sonajuli Tea Estate)৷ শুকুৰবাৰে কৰ্মৰত অৱস্থাতে অকাল মৃত্যুক সাৱটি লয় এগৰাকী শ্ৰমিকে ৷ শ্ৰমিকগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷ আনকি সোনাজুলি চাহ বাগিচাৰ একাংশ পুৰুষ-মহিলা শ্ৰমিক ৰাইজে সকলো কাম-কাজ বন্ধ কৰি কাৰ্যালয়ৰ সন্মুখতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
বিৱৰণি অনুসৰি, শুকুৰবাৰে পুৱা প্ৰায় 9 বজাত সোনাজুলি চাহ বাগিচাৰ (Sonajuli Tea Estate) স্থায়ী শ্ৰমিক আগষ্ট লোহাৰে অন্য শ্ৰমিকসকলৰ সৈতে 19 নং শাখাত চাহ বাগিচাত পানী যোগানৰ কামত নিয়োজিত আছিল । পানী তোলা মটৰটো বিদ্যুৎ বিচ্ছিন্ন হোৱাত শ্ৰমিকজনে উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাটো উঠি বিদ্যুতৰ কাম কৰিবলৈ যায় ৷ তেনে সময়তে বিদ্যুৎস্পৃষ্ট হৈ 25 বছৰীয়া আগষ্ট লোহাৰে কেবাফুট ওপৰৰ পৰা পৰি যায় ৷ ফলত মূৰৰ বেয়াকৈ আঘাত পায় আৰু ঘটনাস্থলীতে অকাল মৃত্যুক সাৱটি লয় আগষ্টই ৷
লগতে পঢ়ক :Transgender Welfare Board Assam meeting : তৃতীয় লিংগৰ লোকসকলৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক
ইফালে উক্ত ঘটনা সংঘটিত হোৱাৰ পাচত স্থানীয় ৰাইজে আগষ্ট লোহাৰক চাহ বাগিচাত থকা চিকিৎসালয়লৈ আনে যদিও চিকিৎসক পংকজ দাসে তেজপুৰলৈ প্ৰেৰণ কৰে । ডাঃ পংকজ দাসে শ্ৰমিকজন মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰাৰ কাৰ্যত ৰাইজ অধিক উত্তেজিত হৈ পৰে (Tea Worker dies at work in Rangapara Sonajuli Tea Estate) ।
আনহাতে, সোনাজুলি চাহ বাগিচাখনত বিদ্যুৎ বিভাগটো তদাৰক কৰা অতুল তালুকদাৰে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰৰ কাম কৰিবলৈ সাধাৰণ শ্ৰমিকজনক কিয় নিৰ্দেশ দিলে তাৰো এক উচিত তদন্তৰ দাবী তোলে । ইফালে পৰিস্থিতি বিষম দেখি বাগিচাখনৰ বকৰমূৰীয়া অনিল কিষান আৰু অতুল তালুকদাৰে লগে লগে চাহ বাগিচাখনৰ পৰা পলায়ণ কৰে ।
ত্ৰমাৎ পৰিস্থিতি কিছু বেয়াৰ ফালে ঢাল খোৱাত উক্ত স্থানত মোতায়ত কৰা হয় ৰঙাপৰা আৰক্ষীৰ এটা দল ৷ ৰঙাপৰা আৰক্ষীৰ উপস্থিতিতি পৰস্থিতি কিছু শাম কাটে ৷ অৱশ্যে সোনাজুলি চাহ বাগিচাৰ পৰিচালকগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ।
লগতে পঢ়ক :3rd BTR accord day : চিৰাঙত উদযাপন বিটিআৰ চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি