Tea workers stage protest: ডিব্ৰুগড় লাহোৱালৰ হাতীগড় চাহ বাগিছাত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ - হাতীগড় চাহ বাগিচা
ডিব্ৰুগড়, ১৬ আগষ্ট:দুই বছৰে মজুৰিৰ পৰা বঞ্চিত হৈ বুধবাৰে চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড়ৰ লাহোৱালৰ হাতীগড় চাহ বাগিচাৰ শ্ৰমিকে ৷ চাহ শ্ৰমিকৰ অভিযোগ, হাতীগড় চাহ বাগিচাৰ পৰিচালকক পাবলৈ থকা মজুৰি বিষয়ে ক'বলৈ গ’লে বাগিচাৰ পৰিচালকে শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰে । বছৰি বোনাচ আৰু বিভিন্ন সুবিধাৰ পৰাও বঞ্চিত কৰাৰ অভিযোগ মালিকপক্ষৰ বিৰুদ্ধে ।
ইয়াৰ পাছতেই আজি চাহ শ্ৰমিকসকলক দৈনিক মজুৰি আদায় দিয়াৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । চাহ শ্ৰমিকসকলে আজিৰে পৰা মজুৰি লাভ নকৰাৰ পৰ্যন্ত কৰ্মবিৰতি পালনৰ ঘোষণা কৰে । শ্ৰমিকৰ এই প্ৰতিবাদৰ পাছত বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলক প্ৰাপ্য মজুৰি দিয়াৰ ক্ষেত্ৰত কেনেদৰে ব্যৱস্থা লয় সেয়া লক্ষ্যণীয় হ'ব ।
শ্ৰমিকসকলক মজুৰি আৰু অন্যান্য সুবিধা সমূহ বাগিচা কৰ্তৃপক্ষই প্ৰদান নকৰা বিষয়টো জিলা উপায়ুক্তৰ লগতে জিলা শ্ৰম আয়ুক্তক বহুবাৰ ৰাইজে অৱগত কৰিছে যদিও আজিও শ্ৰমিকৰ সমস্যা সমাধানৰ বাবে জিলা প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে সৃষ্টি কৰিছে ৰহস্যৰ ।
লগতে পঢ়ক:দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীত যোৰহাটৰ গটঙা চাহ বাগিছাত প্ৰতিবাদ