Tea related Courses in Guwahati: চাহৰ ব্ৰুইং, ব্লেণ্ডিং আৰু টেষ্টিং পাঠ্যক্ৰম মুকলি - 200 year old memory of Assam tea
🎬 Watch Now: Feature Video
গুৱাহাটী,২০ মাৰ্চ: দিছপুৰ মহাবিদ্যালয়ত চাহ ব্ৰুইং, ব্লেণ্ডিং আৰু টেষ্টিঙৰ ওপৰত পাঠ্যক্ৰম মুকলি । দিছপুৰ মহাবিদ্যালয়ত ৰাজ্যৰ ভিতৰতে প্ৰথম বাৰৰ বাবে মুকলি কৰা হৈছে এই পাঠ্যক্ৰম(Tea brewing blending and testing courses launched) । মহানগৰীৰ দিছপুৰ মহাবিদ্যালয়ত (Dispur College in Guwahati) ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধি আৰু নিয়োগ যোগ্যতা বৃদ্ধিৰ উদ্দেশ্যে আন ২৮ টা পাঠ্যক্ৰমৰ লগতে অসমৰ চাহৰ ২০০ বছৰীয়া স্মৃতিত (200 year old memory of Assam tea) “চাহ ব্ৰুইং, ব্লেণ্ডিং আৰু টেষ্টিং” শীৰ্ষক ৩ মাহৰ এটি চাৰ্টিফিকেট পাঠ্যক্ৰম সোমবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়(New courses launched at Dispur College) ।
কলেজখনৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে পাঠ্যক্ৰমটি মুকলি কৰে কলেজখনৰ অধ্যক্ষ ড৹ নৱজ্যোতি বৰাই । তেওঁ পাঠ্যক্ৰম মুকলি কৰি কয় উদ্যোগীকৰণ কোষৰ অধীনত কলেজে গ্ৰহণ কৰা ই এক সুন্দৰ পদক্ষেপ আৰু ৰাজ্যৰ ভিতৰতে এই ধৰণৰ প্ৰথমটো পদক্ষেপ ৷
তেওঁ অসম চাহৰ গৌৰৱময় ২০০ বছৰীয়া যাত্ৰাৰ কথা স্মৰণ কৰি অসমৰ উদ্যোগীসকলক চাহে প্ৰদান কৰা বিভিন্ন সুযোগৰ বিষয়ে উল্লেখ কৰে । অনুষ্ঠানটিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে শিক্ষক শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।