Demand for ST status: ভৈয়াম অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি শিৱসাগৰত টাইপাৰ প্ৰতিবাদ - শিৱসাগৰত টাইপাৰ প্ৰতিবাদ
শিৱসাগৰ, 13 মাৰ্চ: টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত সোমবাৰে এক অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ 11.30 বজাত প্ৰায় শতাধিক লোকৰ উপস্থিতিত তিনিটাকৈ প্ৰধান দাবী উত্থাপন কৰি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় (TAYPA protest in Dibrugarh)।
তিনিটা দাবী ক্ৰমে, টাই আহোমসকলক শীঘ্ৰে ভৈয়াম অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, টাই আহোম সকলক স্বায়ত্ত শাসন প্ৰদান কৰা । লগতে চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ছেবাৰ বিৰুদ্ধেও মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই । পৰীক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে (TAYPA demands ST status of Ahoms) ।
লগতে পঢ়ক:BJP Slams Congress : ৰঙিয়াত বিজেপিক কোনেও হৰুৱাব নোৱাৰে: ৰাজ্যিক বিজেপিৰ সভাপতি