TAYPA Tribute Ceremony : আলাবৈ ৰণৰ শ্বহীদক স্মৰণ টাই আহোম যুৱ পৰিষদৰ - Alaboi historic battle in Assam
সাহস আৰু আত্ম বলিদানৰ অনুপম নিদৰ্শন হৈছে আলাবৈ ৰণ । অসমৰ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থকা ১৬৬৯ চনৰ ৫ আগষ্টৰ দিনটোতেই মোগলক পৰাভূত কৰি অসমক ৰক্ষা কৰাৰ বাবে একে দিনাই ১০ হাজাৰ অসমীয়া সেনা প্ৰাণ হেৰুৱাইছিল । এই দহ হাজাৰ অসমীয়া শ্বহীদ সৈনিকক শুকুৰবাৰে মৰাণৰ ট্ৰেফিক তিনিআলিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা সংগঠনৰ মৰাণ আঞ্চলিকৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জনোৱা হয় (TAYPA remembers martyr of Alaboi battle)। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে টাইপাৰ মৰাণ আঞ্চলিকৰ সদস্য আৰু স্থানীয় লোকসকল উপস্থিত থাকে । উল্লেখ্য যে আলাবৈৰ ৰণ আছিল আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ যুদ্ধ । ১৬৬৯ চনৰ ৫ আগষ্টত বৰ্তমান উত্তৰ গুৱাহাটীৰ সমীপৰ পছৰীয়া দলৰপথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই যুদ্ধ চলিছিল ।
Last Updated : Feb 3, 2023, 8:25 PM IST