অসম

assam

Raid Against GST Defaulter

ETV Bharat / videos

Raid against GST defaulter :ডুমডুমাত বিক্ৰী কৰ বিভাগৰ অভিযান

By

Published : Jun 9, 2023, 10:42 PM IST

তিনিচুকীয়া, 9 জুন: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ উচামাটিত বিক্ৰী কৰ বিভাগৰ অভিযান ৷ ডুমডুমাৰ উচামাটিত থকা S K Diesel নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযান বিক্ৰী কৰ বিভাগৰ (Sales Tax Raid at Tinsukia) ৷  কৰ ফাকিৰে ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছে S K Diesel নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে ৷ জানিব পৰা মতে S K Diesel নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনে এজন গ্ৰাহকক সামগ্ৰী বিক্ৰীৰ GST ৰ কোনো ধৰণৰ ৰচিদ প্ৰদান কৰা নাছিল ৷ GST ৰ কোনো ধৰণৰ ৰচিদ প্ৰদান নকৰাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে তিনিচুকীয়া জিলা বিক্ৰী কৰ বিভাগত লিখিত অভিযোগ দাখিল কৰিছিল বীৰ লাচিত সেনাৰ নেতাই (Veer lachit sena Assam)  ৷ লিখিত অভিযোগৰ পাচতে অভিযান S K Diesel নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত ৷ প্ৰতিষ্ঠানখনতৰ স্বত্বাধিকাৰী সুৰজ আগৰৱালাৰ বিৰুদ্ধে বিক্ৰী কৰ বিভাগে জৰিমনা বিহাৰ লগতে কৰ ফাকি সম্পৰ্কীয় এক গোচৰো ৰুজু কৰে ৷

লগতে পঢ়ক:Lok Sabha Election 2024: লোকসভাত আসনৰ অংক মিলিব নে অসমৰ বিৰোধী ঐক্যৰ ?

ABOUT THE AUTHOR

...view details