অসম

assam

ভূৱন চন্দ্ৰ মেম'ৰিয়েল অসম পলিটেকনিক ইনষ্টিটিউট

ETV Bharat / videos

Talent Hunt Competition in Sivasagar: প্ৰতিভা সন্ধানী পৰীক্ষাৰ নামত ধন সংগ্ৰহ কৰি উধাও বেদান্ত - Crime in Sivasagar

By

Published : Aug 20, 2023, 3:54 PM IST

শিৱসাগৰ, ২০ আগষ্ট:আজি শিৱসাগৰ বি জি ৰোডস্থিত ভূৱন চন্দ্ৰ মেম'ৰিয়েল অসম পলিটেকনিক ইনষ্টিটিউট নামৰ চৰকাৰী প্ৰতিষ্ঠানখনত অনুষ্ঠিত কৰাৰ কথা আছিল বেদান্ত প্ৰতিভা সন্ধানী পৰীক্ষা । উত্তৰ পূব প্ৰতিভা সন্ধানী আৰু বহুদৰ্শী শৈক্ষিক বিকাশ প্ৰতিষ্ঠানখনৰ উদ্যোগত অনুষ্ঠিত কৰাৰ কথা আছিল এই পৰীক্ষা । ইয়াৰ বাবে দুই শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিগৰাকীৰ পৰা মাছুল হিচাপে সংগ্ৰহ কৰিছিল ১০০-১৫০ টকাকৈ । কিন্তু অতি পৰিতাপৰ বিষয় যে দেওবাৰে দিনৰ ১১ বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ১২ বজালৈকে নাহিল আয়োজকসকল ।

ছাত্ৰ-ছাত্ৰীসকলে ভোকে পিয়াহে পুৱা ১০ বজাৰ পৰা পৰীক্ষা কেন্দ্ৰত অপেক্ষা কৰি আছিল যদিও মূৰকত অনুষ্ঠিত নহ'ল পৰীক্ষা । ফলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অশাৰে পৰীক্ষা দিবলৈ আহি বিমুখ হয় ছাত্ৰ-ছাত্ৰীসকল । এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ চকুলো টুকিলে বহু ছাত্ৰ-ছাত্ৰীয়ে ।

ইপিনে, নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰ অসম পলিটেকনিক ইনষ্টিটিউটৰ অধ্যক্ষগৰাকীয়েও তেওঁৰ ওপৰত কোনো দায়িত্ব অৰ্পণ কৰা নাছিল বুলি গা এৰা দিয়ে । ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ষুব্ধ হৈ পৰে অভিভাৱকসকল । ছাত্ৰ-ছাত্ৰীৰ লগত ল'ৰা-ধেমালি কৰা বেদান্ত নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱাৰ দাবী জনাইছে অভিভাৱকসকলে ।

লগতে পঢ়ক:Protest at Barhola: বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত বৰহোলাত ONGC ৰ বিৰুদ্ধে প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details