Smriti Diwas observed: ৰঙিয়াত আছুৰ স্মৃতি দিৱস - শ্বহীদ সুনন্দ শালৈৰ ৪২ সংখ্যক স্মৃতি দিৱস
অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদ সুনন্দ শালৈৰ ৪২ সংখ্যক স্মৃতি দিৱস মধ্য পাণ্ডুৰী আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰঙিয়াত অনুষ্ঠিত কৰা হয়(Martyrs of Assam Movement) । জামতোলাৰ শ্বহীদ বেদীস্থলীত ৰূপায়ণ কৰা হয় স্মৃতি দিৱসৰ বিস্তৃত কাৰ্যসূচী । পুৱাৰ ভাগত সমূহীয়া চাফাই অভিযানেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ অংশ হিচাপে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়(Sunanda Saloi Smriti Diwas) । আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে নাগাৰা নাম অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচীত ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰুণ দাসে অংশগ্ৰহণ কৰি শ্বহীদসকলৰ পৰিয়ালৰ লগতে স্মৃতি বেদীসমূহৰ সংৰক্ষণত চৰকাৰক গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:36 PM IST