Swahid Pariyal Somonnoyrokhi Parishad: অসম চুক্তি ৰূপায়ন কৰক অন্যথা পৰিণাম ভূগিব অগপই: শ্বহীদ পৰিয়াল
Published : Nov 9, 2023, 10:48 PM IST
ধেমাজি, 9 নৱেম্বৰ :বৃহস্পতিবাৰেধেমাজি প্ৰেছ ক্লাবতসদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয় ৷ অসম আন্দোলনৰ সময়ত শাৰীৰিকভাৱে নিৰ্যাতিত, গুলী খোৱা আৰু ঘৰ জ্বলোৱা আদি ভুক্তভোগী পৰিয়ালক চৰকাৰে সংস্থাপন আৰু আৰ্থিক সাহায্য প্ৰদান কৰা সম্পৰ্কত এই সভা অনুষ্ঠিত হয় ৷
উক্ত সভাত অংশগ্ৰহণ কৰি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে কয়, ‘‘অসম আন্দোলনৰ ফলশ্ৰুতিত 860 গৰাকী লোকৰ শ্বহীদ পৰিয়াল বিভিন্ন ধৰণে নিৰ্যাতিত হ’ল ৷ এই আন্দোলনৰ পটভূমিত আঞ্চলিক দল অগপ জন্ম হ’ল ৷ কিন্তু কেইটামান শ্বহীদ পৰিয়ালৰ বাহিৰে সৰহসংখ্যককেই আজিও চৰকাৰী সাহায্য আৰু সংস্থাপনৰ পৰা বঞ্চিত হৈ আছে । এইক্ষেত্ৰত অগপৰ দায়িত্ব আছিল ৷ অসম চুক্তি ৰূপায়ন কৰক অন্যথা ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব অগপই ৷’’
লগতে পঢ়ক:Poor Road at Jonai: অমৃত কাল ! পথ-দলং অবিহনে অমৃত কালত বসবাস জোনাইৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ