Drugs Seized: তেজপুৰত পাচলিৰ মোনাত হেৰ'ইন জব্দ - Heroine Seized in Tezpur
তেজপুৰ, 20 এপ্ৰিল: তেজপুৰ আৰক্ষীয়ে এক অভিযানত বৃহস্পতিবাৰে পাচলিৰ মোনাত জব্দ কৰে সন্দেহযুক্ত হেৰ'ইন ৷ এক গোপন সূত্ৰৰ পম খেদি তেজপুৰ মহাভৈৰব থানাৰ বিষয়াই নগাওঁ জিলাৰ ৰূপহীৰ পৰা তেজপুৰ অভিমুখে আহি থকা As 02 Q 2702 মটৰ চাইকেলত চাবোনৰ বাকচত অনা এই সামগ্ৰীখিনি জব্দ কৰে (Suspected Heroine Seized in Tezpur) ৷
আৰক্ষী বিষয়াই জনোৱা মতে হাবিজুল হক আৰু আশ্ৰফুল ইছলাম নামৰ যুৱক দুজনে এটা বজাৰৰ মোনাত দুটা চাবোনৰ বাকচত ভৰাই এই সন্দেহযুক্ত হেৰ'ইন তেজপুৰৰ পৰুৱালৈ আনি থকা অৱস্থাত জব্দ কৰে ৷ জব্দ কৰা হেৰ'ইনখিনিৰ ওজন প্ৰায় ২৫ গ্ৰাম বুলি জানিব দিয়ে মহাভৈৰব আৰক্ষী থানাৰ বিষয়াই ৷ হেৰ'ইনৰ লগতে আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা এখন মটৰ চাইকেল জব্দ কৰে (Heroine Seized in Tezpur)।
তেজপুৰলৈ এনেদৰে অবৈধভাৱে নগাঁও, ৰূপহী আৰু অন্যান্য অঞ্চলৰ পৰা দৈনিক মাৰাত্মক ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহ হৈ থকাটো এক চিন্তনীয় বিষয় ৷ শোণিতপুৰ আৰক্ষীয়ে বিগত সময়চোৱাত বহু সংখ্যক নিচাযুক্ত দ্ৰব্যৰ লগতে ড্ৰাগছ জব্দ কৰিছে যদিও এতিয়াও ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্য হ্ৰাস পোৱা নাই ৷
লগতে পঢ়ক:Road accident in Nalbari: শোকাৱহ! নলবাৰীত বাছৰ পৰা নামোতেই নিহত বৃদ্ধা