অসম

assam

HSLC result 2023:প্ৰশাসনিক বিষয়া হোৱাৰ মন পঞ্চম স্থানপ্ৰাপ্ত সুস্মিতা পোদ্দাৰৰ

By

Published : May 22, 2023, 3:39 PM IST

পুনৰ উজলিল নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুল

নগাঁও, ২২ মে': সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুল । প্ৰত্যেক বছৰৰ দৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতা নগাঁৱৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ (5th position in HSLC 2023)। নগাঁও খ্ৰীষ্টজ্যোতি হাইস্কুলৰ পৰা সুস্মিতা পোদ্দাৰে পঞ্চম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । মুঠ ৫৯০ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ পৰা পঞ্চম স্থান দখল কৰা সুস্মিতা পোদ্দাৰৰ মন এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ ।  

সাধাৰণ লোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি কিবা এটা কৰাৰ লক্ষৰে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছে পঞ্চম স্থানপ্ৰাপ্ত সুস্মিতা পোদ্দাৰে (HSLC exam result 2023) । সুস্মিতা পোদ্দাৰৰ সফলতাত উৎফুল্লিত  হৈছে বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীৰ লগতে শিক্ষকসকল । উল্লেখযোগ্য যে,বিগত কেইবাবছৰ ধৰি এই শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুলত শিক্ষান্ত পৰীক্ষাত ধাৰাবাহিকভাৱে স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:Assam HSLC result 2023:অষ্টম স্থানত নাৰায়ণপুৰৰ ধলপুৰৰ কুলদীপ

ABOUT THE AUTHOR

...view details