অসম

assam

নৱতম সংযোজন সূৰ্যোদয় থিয়েটাৰ

By

Published : Aug 18, 2023, 3:01 PM IST

ETV Bharat / videos

Suryoday Theater: অসমৰ ভ্ৰাম্যমাণ জগতৰ এক নৱতম সংযোজন সূৰ্যোদয় থিয়েটাৰ, পূৰ্ণগতিত চলিছে নাটৰ আখৰা

ডিব্ৰুগড়, 18 আগষ্ট: ৰাজ্যৰ ভ্ৰাম্যমাণ জগতৰ বাবে এটা সুখবৰ । অসমৰ ভ্ৰাম্যমাণ নাট্য গোষ্ঠীৰ তালিকাত সংযোজিত হৈছে এক নতুন নাম আৰু সেয়া হৈছে ‘সূৰ্যোদয় থিয়েটাৰ’ । চলিত বৰ্ষত ভ্ৰাম্যমাণৰ মঞ্চ কঁপাবলৈ সাজু হৈছে নৱতম এটা পেচাদাৰী নাট্য দল।

নাহৰকটীয়াৰ চাচনীৰ ২ নং দীঘলীয়া নামৰ এখন ভিতৰুৱা গাঁৱৰ পৰাই ভ্ৰাম্যমাণত খোজ পেলাবলৈ প্ৰস্তুতি চলাইছে সূৰ্যোদয় থিয়েটাৰে । অঞ্চলটোৰ যুৱ ব্যৱসায়ী তথা সাংস্কৃতিক কৰ্মী কুশল গগৈয়ে প্ৰযোজনা কৰা সূৰ্যোদয় থিয়েটাৰৰ প্ৰথম নাট্য বৰ্ষৰ বাবে বলিষ্ঠ নাট্যকাৰ ক্ষিতীশ বৰাৰ ‘মুখাগ্নী’, সমৰেন্দ্ৰ বৰ্মনৰ ‘নৰখাদক’ আৰু বেহাৰবাৰী খ্যাত পল্লৱ পৱনৰ ‘জানমণি I LOVE YOU’ শীৰ্ষক তিনিখন ভিন্ন স্বাদৰ সামাজিক নাটক ভ্ৰাম্যমাণৰ দৰ্শকৰ বাবে আগবঢ়াইছে ।

ৰাজ ভৈৰৱ, ৰাজশ্ৰী শৰ্মা, জিতু গগৈ, অঞ্জু বৰা আদি বহু জনপ্ৰিয় আৰু দক্ষ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা ‘সূৰ্যোদয়’ৰ আটাইকেইখন নাটকৰে আখৰা ইতিমধ্যে পূৰ্ণগতিত চলিছে । হাঁহি-কান্দোন, একচন- ৰোমান্স আদি ভিন্ন ৰসৰ সমাহাৰ নাট কেইখনে দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰিব বুলি যথেষ্ট আশাবাদী থিয়েটাৰ খনৰ প্ৰযোজক, পৰিচালক আৰু কলা-কুশলীসকল।

লগতে পঢ়ক:Xubidhabadi song out: সুবিধাবাদী গীতটি মুক্তিৰ পিচত শীঘ্ৰেই আহি আছে হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি

ABOUT THE AUTHOR

...view details