অসম

assam

জল জীৱন মিছনৰ চাৰ্ভে ইঞ্জিনীয়াৰ সমীৰ সৰকাৰক গ্ৰেপ্তাৰ

ETV Bharat / videos

Jal jeevan mission : জল জীৱন মিছনৰ চাৰ্ভে ইঞ্জিনীয়াৰক গ্ৰেপ্তাৰ - জল জীৱন মিছনৰ চাৰ্ভে ইঞ্জিনীয়াৰ গ্ৰেপ্তাৰ

By

Published : Jun 12, 2023, 2:06 PM IST

ডিব্ৰুগড়, 12 জুন :জল জীৱন মিছনৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পাইপলাইন ছুপাৰভাইজাৰ তথা চাৰ্ভে ইঞ্জিনীয়াৰক গ্ৰেপ্তাৰ । প্ৰতিষ্ঠানটোৰ পশ্চিমবংগৰ পাইপলাইন ছুপাৰভাইজাৰৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে বৃহস্পতিবাৰে‌ নিশা জল জীৱনৰ উন্মুক্ত গাঁতত পৰি দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক সাৱটি লৈছিল ডিব্ৰুগড়ৰ লোহাৰপট্টিৰ আব্দুল ৰহিম নামৰ যুৱকজনে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে ছুপাৰভাইজাৰ সমীৰ সৰকাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । 

ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে 327/2023 নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ 304 নম্বৰ ধাৰা ৰুজু কৰি সোমবাৰে ধৃত ছুপাৰভাইজাৰজনক আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিবলৈ দিছে । উল্লেখযোগ্য যে বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ গ্ৰাহামবজাৰস্থিত আস্থা হাস্পতালৰ সমীপত নিশা সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা, য’ত মৃত্যু হৈছিল ডিব্ৰুগড়ৰ লোহাৰপট্টিৰ আব্দুল ৰহিম নামৰ ব্যক্তিজনৰ । 

জল জীৱন মিছনৰ গাঁতত পৰি ব্যক্তিজনৰ মৃত্যু হৈছিল যদিও জিলা প্ৰশাসনে ঘটনাটোক লৈ কোনো তদন্ত আগবঢ়োৱা পৰিলক্ষিত হোৱা নাছিল। কিন্তু দেওবাৰে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতেই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন ।

লগতে পঢ়ক :BJP leader suspicious dead : আবেলিৰে পৰা পৰিয়ালে লাভ কৰা নাছিল মৃত জোনালী নাথৰ শুংসূত্ৰ

ABOUT THE AUTHOR

...view details