অসম

assam

চৰকাৰ-আলফাৰ শান্তি চুক্তিৰ বিৰোধিতা

ETV Bharat / videos

শান্তি চুক্তি অসমবাসীৰ বাবে প্ৰতাৰণাৰ দলিল : আত্মসমর্পণকাৰী আলফা - ULFA Govt Peace Agreement

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 4:29 PM IST

টীয়ক, 30 ডিচেম্বৰ : আলফা আৰু চৰকাৰৰ মাজত সম্পন্ন হোৱা বহু প্ৰত্যাশিত শান্তি চুক্তিক লৈ ৰাজ্যৰ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তাৰ সমান্তৰালভাৱে আজি টীয়কত উপস্থিত থকা সদৌ অসম আত্মসমর্পণকাৰী আলফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ দুৱৰা আৰু বহু কেইজন বিষয়ববীয়াই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

প্ৰত্যাশিত চুক্তিখনক লৈ আক্ষেপ প্ৰকাশ কৰাৰ লগতে এই চুক্তি অসমবাসীৰ বাবে প্ৰতাৰণাৰ দলিল বুলি অভিহিত কৰে তেওঁলোকে ৷ ইপিনে কেৱল আলফাৰ যুদ্ধ বিৰতি গোটে আলফাৰ অন্যান্য সমিতিসমূহৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাৰ অভিযোগ তুলি এনে পদক্ষেপে আলফাৰ মাজত বিভাজন সৃষ্টি কৰিছে বুলি মত প্ৰকাশ কৰে তেওঁলোকে ৷  

ইফালে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত বিগত সুদীৰ্ঘ কালত প্ৰায় 12,000 তেজাল অসমীয়া যুৱকে যি আত্মবলিদান দিলে বা নিৰ্যাতিত পৰিয়ালসমূহে আজিও কোনো বিশেষ সা-সুবিধা নোপোৱাৰ সময়ত কেৱল সাধাৰণ কিছুমান দাবীৰে বৰ্তমান যি চুক্তি স্বাক্ষৰ হৈছে সেয়া অসমীয়াৰ কোনোধৰণৰ ৰক্ষাৰ কবচ নহয় বুলি সদৰী কৰিছে এইসকল আত্মসমৰ্পনকাৰী আলফাৰ কেডাৰে ৷

লগতে পঢ়ক :শান্তি চুক্তি স্বাক্ষৰ হৈছে ভাল কথা, কিন্তু পৰেশ বৰুৱাকো মাতিব লাগে আলোচনালৈ : ড৹ নগেন শইকীয়া

ABOUT THE AUTHOR

...view details