অসম

assam

ETV Bharat / videos

Sunga Pitha festival: মাজুলীৰ এখন বিদ্যালয়ত চলিছে চুঙাপিঠা উৎসৱ - মাজুলীৰ এখন বিদ্যালয়ত চলিছে চুঙাপিঠা উৎসৱ

By

Published : Dec 25, 2022, 10:14 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

সময়ৰ সোঁতত অসমীয়া গ্ৰামীণ সমাজৰ পৰা হেৰাই গ'ল বহু পৰম্পৰা । হেৰাই গ'ল জুহাল তথা পাকঘৰৰ ব্যৱস্থা । অসমীয়াৰ জুহালৰ লগত সংপৃক্ত হৈ আছিল অসমীয়া সমাজৰ বহু পুৰণি সংস্কৃতি (Efforts to maintain tradition in Majuli) । এই জুহালৰ অভাৱত হেৰাই গ'ল এসময়ৰ প্ৰতিটো অসমীয়া পৰিয়ালৰ এৰাব নোৱাৰা পৰম্পৰা চুঙাপিঠা (Sunga Pitha festival celebrated at Majuli school ) । বৰ্তমান নতুন চামৰ বাবে অচিনাকি সংস্কৃতিত পৰিণত এই চুঙাপিঠাক ধৰি ৰাখি নতুন প্ৰজন্মক এনে পৰম্পৰাৰ লগত পৰিচয় কৰি দিয়াৰ বাবে মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনত শনিবাৰে এক বিশেষ কাৰ্যসূচী হাতত লয় । বিদ্যালয়খনত শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলে সমবেত হৈ বাঁহ কাটি চুঙা বনোৱা, পিঠাগুৰি খুন্দি চুঙাত ভৰোৱা, চুঙা পোৰা আৰু তাৰ সোৱাদ লোৱা কাৰ্যত জড়িত হৈ পৰে সকলো । বিদ্যালয়খনৰ আচাৰ্য সকলে গাঁৱৰ জ্যেষ্ঠ জনক মাতি আনি ছাত্ৰ-ছাত্ৰী সকলক চুঙা পিঠাৰ সম্পূৰ্ণ প্ৰস্তুত প্ৰণালী শিক্ষা দান দিয়ে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details