AHSEC Result 2023:৪৭২ নম্বৰৰে বাণিজ্য শাখাত প্ৰথম স্থানত সুকন্যা কুমাৰ - Gopinath Sharma Commerce College in Kshetri
গুৱাহাটী, ৬ মে:আজি ঘোষণা হ'ল বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল (HS exam results 2023) । বাণিজ্য শাখাত ১৪ গৰাকী ছাত্ৰ- ছাত্ৰীয়ে স্থান দখল কৰিবলৈ সক্ষম হৈছে । বাণিজ্য শাখাত দুগৰাকীকৈ ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিছে । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলিছে ক্ষেত্ৰীৰ সুকন্যা কুমাৰ। বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰি ৰাজ্যৰ লগতে ক্ষেত্ৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাবী ছাত্ৰী সুকন্যা কুমাৰে (Suknya Kumar secured 1st positions in commerce)।
ক্ষেত্ৰীস্থিত শিক্ষাদূত গোপীনাথ শৰ্মা কমাৰ্চ কলেজৰ ছাত্ৰী সুকন্যা কুমাৰ (Gopinath Sharma Commerce College in Kshetri)। আজি ফলাফল ঘোষণা হোৱাৰ পিচতে সুকন্যা কুমাৰৰ বাসগৃহত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে । প্ৰয়াত ভৱ কুমাৰ আৰু মালয়বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষয়িত্ৰী বৰ্ণালী বৰা কণ্যা সুকন্যাই মালয়বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ৪৭২ নম্বৰ লাভেৰে বাণিজ্য শাখাত প্ৰথম স্থান দখল সুকন্যাৰ এই সফল্যত এতিয়া সমগ্ৰ ডিমৰীয়া অঞ্চলত আনন্দৰ বন্যা বৈছে ।
AHSEC Result 2023 : বাণিজ্য শাখাত দ্বিতীয় স্থান হোজাইৰ ঝিলিক শীলৰ