অসম

assam

Central Karam Festival in Biswanath : ৭ দিনীয়া কেন্দ্ৰীয় কৰম উৎসৱ সফল সামৰণি; ৫ হাজাৰ নাচনীয়ে একেলগে নাচিলে ঝুমুৰ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 9:52 AM IST

কেন্দ্ৰীয় কৰম উৎসৱ

বিশ্বনাথ, ৯ অক্টোবৰ :কেন্দ্ৰীয় কৰম উৎসৱৰ অন্তিমটো দিনত ককাল ভাঙি নাচিলে ৫ হাজাৰ ঝুমুৰ শিল্পীয়ে ৷ উত্তৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছিল প্ৰায় ৫ সহস্ৰাধিক ঝুমুৰ শিল্পী ৷ এই ঝুমুৰ শিল্পীয়ে পৰিৱেশন কৰা ঝুমুৰ নৃত্যই উপস্থিত সকলো ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰই বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত যোৱা ৩ অক্টোবৰ পৰা আয়োজন কৰা হৈছিল কেন্দ্ৰীয় কৰম উৎসৱ ৷ ৭ দিনীয়াকৈ আয়োজন কৰা এই কেন্দ্ৰীয় কৰম উৎসৱৰ দেওবাৰে আছিল অন্তিমটো দিন ।

বিগত ৭ দিনৰ লেখিয়াকৈ অন্তিমটো দিন অৰ্থাৎ দেওবাৰৰ দিনটোত লোকাৰণ্য হৈ পৰিল বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰ ৷ ইফালে এই কেন্দ্ৰীয় কৰম উৎসৱৰ ঝুমুৰ নৃত্যুত অংশ লৈ আনন্দিত হৈ পৰিল নাচনীসকলো ৷

লগতে পঢ়ক :Amrit Kalash Yatra: আকাশী গংগা গাঁও পঞ্চায়তত সম্পন্ন ’অমৃত কলহ যাত্ৰা’

ABOUT THE AUTHOR

...view details