অসম

assam

NEET ৰ ফলাফল

ETV Bharat / videos

Dhubri Boy Shines In NEET 2023: ফলাফলৰ পিছতেই ধুবুৰীৰ এটা পৰিয়ালত বৈছে আনন্দৰ বন্যা

By

Published : Jun 17, 2023, 10:44 PM IST

ধুবুৰী, 17 জুন :নীটৰ ফলাফলৰ পিছতেই ধুবুৰীৰ এটা পৰিয়ালত আনন্দৰ বন্যা বৈছে । পিতৃ মাতৃৰ সপোনকেই নিজৰ সপোন হিচাপে মানি লৈ আগবাঢ়ি যোৱা ধুবুৰীৰ ছামিউল ৱাছিদ চৌধুৰী আজি সুখী । লগতে সুখী সমগ্ৰ পৰিয়ালবৰ্গ ৷ সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত ৬৩৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছামিউলে ।

ধুবুৰীৰ বিদ্যাপাৰা ভাটিগাঁও অঞ্চলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল বাৰীক শেখ আৰু সাজিদা খাতুনৰ পুত্ৰ তথা হোজাই আজমল চুপাৰ ফৰ্টিৰ ছাত্ৰ ছামিউল ফলাফলৰ পিছত শুকুৰবাৰে উপস্থিত হয় নিজৰ ঘৰত । ঘৰখনত উপস্থিত হোৱাৰ পিছতেই পিতৃ-মাতৃ, ভগ্নী, খুড়া, ককাককে ধৰি আত্মীয় স্বজন আনন্দিত হৈ পৰে । ঘৰখনত উপস্থিত হোৱাৰ পিচতেই ছামিউল বাছিদ চৌধুৰীক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে মিঠাই খুৱাই আশীৰ্বাদ দিয়া পৰিলক্ষিত হয় ।

ছামিউলৰ ঘৰখনত আনন্দমুখৰ পৰিৱেশ । পিতৃ-মাতৃৰ উপৰিও খুড়া, ককাকৰ সপোন পূৰাবলৈ সক্ষম হোৱা ছামিউলে মেট্ৰিক পৰীক্ষাত ৯৭.৩৩% আৰু উচ্চতৰ মাধ্যমিকত ৯১.০৪% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল । ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন ছামিউল বাছিদ চৌধুৰীৰ । ইপিনে পুত্ৰৰ সাফল্যৰ আৱেগিক হৈ পৰা পিতৃ মাতৃৰ চকুত আনন্দৰ চকুলো । সাংবাদিকৰ আগত আৱেগিক হৈ পৰা পিতৃয়ে বহুত সুখী বুলি মন্তব্য কৰাৰ লগতে নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীকো দিলে ভালদৰে পঢ়াৰ পৰামৰ্শ ।

লগতে পঢ়ক :Ajmal Super 40 : NEET ২০২৩ত উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষত চুপাৰ ৪০ৰ ছাত্ৰ

ABOUT THE AUTHOR

...view details