অসম

assam

ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

ETV Bharat / videos

Derogatory comment on Assam police : ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:19 PM IST

ৰঙিয়া, 31 অক্টোবৰ:অসম আৰক্ষীক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰাৰ পিচতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি (CIVIL) দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ । দেহৰক্ষীৰ লগতে গৃহৰক্ষীসহ 5 আৰক্ষী বিষয়াকো প্ৰত্যাহাৰ কৰা হয় । দ্বীপন বৰ্মনে আৰক্ষীক উদ্দেশ্যি প্ৰদান কৰিছিল অপমানসূচক মন্তব্য । সামাজিক মাধ্যমত সেই ভিডিঅ' সম্প্ৰচাৰ হোৱাৰ পিচতে গৃহ বিভাগে গ্ৰহণ কৰে কঠোৰ পদক্ষেপ । 

সোমবাৰে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা পৰীক্ষাৰ্থীসকলক সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰজেক্ট চুপাৰ ফিফটি শীৰ্ষক প্ৰকল্প ৰূপায়ণৰ উদ্যোগ গ্ৰহণ কৰা হৈছিল । সেই অনুষ্ঠানতে আৰক্ষী সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ পিচতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৰঙিয়াৰ মহকুমাধিপতিগৰাকী । তাৰ পিছতে ততাতৈয়াকৈ গৃহ বিভাগে মহকুমাধিপতিগৰাকীৰ দেহৰক্ষীৰ লগতে গৃহৰক্ষীসহ 5 আৰক্ষী প্ৰত্যাহাৰ কৰে । 

ইফালে গৃহ বিভাগৰ এই সিদ্ধান্তৰ পিচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মহকুমাধিপতিগৰাকীয়ে । অনিচ্ছাকৃতভাৱে এই ভুল কৰা বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে আৰক্ষী প্ৰশাসনৰ ওচৰত ক্ষমা বিচাৰে ।

লগতে পঢ়ক:DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ABOUT THE AUTHOR

...view details