অসম

assam

অসুস্থ ছাত্ৰ-ছাত্ৰী

By

Published : May 11, 2023, 11:04 PM IST

ETV Bharat / videos

Students sick after taking medicine: বিদ্যালয়ত পেলুৰ দৰৱ খাই অসুস্থ শিক্ষাৰ্থী !

গুৱাহাটী, 11 মে’: মহানগৰীৰ ছয়মাইল স্থিত গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে সংঘটিত হয় এক অঘটন ৷ পেলুৰ দৰৱ প্ৰদান কৰাৰ পিছতে অসুস্থ হৈ পৰে বহু ছাত্ৰ-ছাত্ৰী ৷ বহু কেইজন ছাত্ৰ-ছাত্ৰীক সংকট জনক অৱস্থাত ভৰ্তি কৰা হয় চিকিৎসালয়ত (Student Ill After Taking Medicine) ৷

জানিব পৰা মতে বৃহস্পতিবাৰৰ দিনটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক খুওৱা হৈছিল পেলুৰ দৰৱ ৷ কিন্তু দৰৱ খুওৱাৰ পিছতেই প্ৰায় 25 গৰাকী ছাত্ৰ-ছাত্ৰী শাৰীৰিক ভাৱে অসুস্থ হৈ পৰে ৷ পেট কামোৰণি আৰু মূৰ ঘূৰণি হৈ অচেতন হৈ পৰে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী ৷ লগে লগেই অসুস্থ ছাত্ৰ-ছাত্ৰী কেইগৰাকীক ভৰ্তি কৰোৱা হয় দিশপুৰ ৰাজিক চিকিৎসালয়ত ৷ পিছলৈ একাংশক GNRC হাস্পতালতো ভৰ্তি কৰা হয় (Students fall ill after administering medicines) ৷  

এই ঘটনাৰ পিছতে বিদ্যালয়খনত হুৱা দুৱাৰ সৃষ্টি হয় ৷ অভিভাৱকসকলৰ অভিযোগ যে, দৰৱ সেৱন কৰোৱাৰ পূৰ্বে অৱগত কৰা নাছিল তেখেতসকলক ৷ আনহাতে বিদ্যালয় খনৰ শিক্ষয়িত্ৰীৰ ভাষ্য অনুসৰি বিদ্যালয়ত অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত চিকিৎসকে দিয়া অনুমতি অনুসৰি দৰৱ প্ৰদান কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:Congress slams BJP: দুবছৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details