মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলংকৰ দাগ সানিলে অধ্যক্ষই
Published : Dec 15, 2023, 2:30 PM IST
ডিব্ৰুগড়, 15 ডিচেম্বৰ :গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানি ঐতিহ্যমণ্ডিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলংকৰ দাগ লগালে অধ্যক্ষই । বুধবাৰে সপ্তম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ত যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ঐতিহ্যমণ্ডিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য । ইয়াৰ পাচতে পোহৰলৈ আহিছে দীৰ্ঘদিন বহু ছাত্ৰীক অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই চলাই আহিছিল যৌন উৎপীড়ন ।
মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য গ্ৰেপ্তাৰ হোৱাৰ লগে লগে অধ্যক্ষৰ কামনাৰ বলি হোৱা বহু ছাত্ৰীয়ে মুখ খুলিছে সংবাদ মাধ্যমৰ আগত । বৰ্ণনা কৰিছে অধ্যক্ষই বিভিন্ন প্ৰলোভন দি চলোৱা শাৰীৰিক,মানসিক আৰু যৌন নিৰ্যাতনৰ ঘটনা । সকলোৱে এতিয়া বিচাৰিছে কলংকিত অধ্যক্ষৰ কঠোৰতম শাস্তি ।
উল্লেখ্য যে, বুধবাৰে সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিদ্যালয় ছুটীৰ পিচত অকলে আহি লগ কৰিবলৈ কয় অধ্যক্ষগৰাকীয়ে । সেই মৰ্মে শ্ৰেণীকোঠাৰ পৰা অন্য কোঠালৈ আহি অধ্যক্ষ গৰাকীক লগ কৰাত ছাত্ৰী গৰাকীৰ কাষলৈ আহি ছাত্ৰীগৰাকীক ভাল পাওঁ বুলি কৈ শৰীৰত স্পৰ্শ কৰে আৰু কাণে কাণে কথা কোৱাৰ চলেৰে চুমা খাবলৈ চেষ্টা কৰে । এই বিষয়ে কাকো নকবলৈয়ো কয় অধ্যক্ষগৰাকীয়ে ।
ছাত্ৰী গৰাকীয়ে অভিভাৱকৰ আগত ঘটনাটোৰ বিষয়ে কোৱাৰ পিচতে বুধবাৰে মৰাণহাট আৰক্ষী থানাত অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত অধ্যক্ষ গৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । এই ঘটনাই সমগ্ৰ চৰাইদেউ জিলা খনতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।
লগতে পঢ়ক :মৰাণৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ লাজ লগা কাণ্ড