ABVP Protest in Silchar: অসম বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ পদত্যাগৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ
Published : Sep 16, 2023, 7:37 AM IST
|Updated : Sep 16, 2023, 8:20 AM IST
কৰিমগঞ্জ,16 ছেপ্টেম্বৰ :ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে শুকুৰবাৰে উত্তপ্ত হৈ পৰে অসম বিশ্ববিদ্যালয়ৰ চৌহদ । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদকে ধৰি বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে 12 টা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে অসম বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
অসম বিশ্ববিদ্যালয়ত ব্যাপক দুৰ্নীতি চলি থকা অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷ এই দুৰ্নীতিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিব বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ৷ আনহাতে বিশ্ববিদ্যালয়খনত সময়মতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে পাঠ্যক্ৰম শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৷
‘‘অসম বিশ্ববিদ্যালয়ত দুৰ্নীতি বন্ধ কৰক । অসম বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে নিজৰ ইচ্ছা অনুসৰি কাম কৰি আছে ৷ ফলত ফলাফল প্ৰকাশ কৰোতে পলম হৈছে ৷ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ দিশে গতি কৰিছে ৷ ফলাফল প্ৰকাশ নকৰাত পাঠদান কৰিব পৰা নাই ৷ সেয়ে পদত্যাগ কৰক বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক বিষয়াই’’ এই দাবী প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ৷
লগতে পঢ়ক :Badrighat bridge in Silchar: শিলচৰত বদ্ৰীঘাট দলং উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ