অসম

assam

শিক্ষক বদলিকৰণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ETV Bharat / videos

Students protest in Titabar: শিক্ষক বদলিকৰণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ - Students protest against transfer of teacher

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:16 PM IST

তিতাবৰ,১৩ ছেপ্টেম্বৰ: তিতাবৰত এখন বিদ্যালয়ত অবৰ্ণনীয় পৰিৱেশ । শ্ৰেণীকোঠা বৰ্জন কৰি ছাত্ৰ-ছাত্ৰী ওলাই আহিল বিদ্যালয়লৰ সন্মুখলৈ, সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । দুগৰাকী শিক্ষকৰ বদলিকৰণৰ বিৰুদ্ধে শ্ৰেণী বৰ্জন কৰি ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।  

জানিব পৰা মতে সীমিত শিক্ষক-শিক্ষয়িত্ৰীৰে চলি থকা আঠখেলীয়া উচ্চতৰ মাধ‍্যমিক বিদ‍্যলয়ৰ পুনৰ শিক্ষক বদলিকৰণ কৰাক লৈ প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰীসকল । উল্লেখযোগ্য যে সীমিত শিক্ষকেৰে চলি থকা বিদ্যালয়খনৰ পৰা দুজন শিক্ষকক শিক্ষা বিভাগে বদলিকৰণ কৰিব বিচৰাক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া বাতিল কৰক, বিদ্যালয়খন ধ্বংস হবলৈ দিব নোৱাৰি, আমাক শিক্ষক ঘূৰাই লাগে আদি শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে পঢ়ক:Amrit brikshya andolan:বনাঞ্চল ধ্বংস কৰি বনানীকৰণ কেনেদৰে সম্ভৱ ?

ABOUT THE AUTHOR

...view details