School Students Grow Vegetables: চৌহদতে জৈৱিক শাকনিবাৰী পাতি দৃষ্টি আকৰ্ষণ কৰিছে টীয়কৰ এখন চৰকাৰী বিদ্যালয়ে - পুথিগত শিক্ষাৰ লগতে খেতিৰ প্ৰতি আকৰ্ষিত
টীয়ক, ৮ ফেব্ৰুৱাৰী: যি সময়ত চৰকাৰী বিদ্যালয়সমূহলৈ অভিভাৱকসকলৰ অনিহা অহা পৰিলক্ষিত হৈছে তেনে সময়তে টীয়কৰ এখন বিদ্যালয়খনৰ এক ইতিবাচক পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে । ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ সমানে ফেৰ মাৰি ১৭০ ছাত্ৰ-ছাত্ৰী থকা টীয়কৰ অতিকৈ ভিতৰুৱা অঞ্চল ৰাজৈত ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ে বিদ্যালয়ৰ চৌহদত জৈৱিক শাকনিবাৰী পাতি এক আদৰ্শ দাঙি ধৰিছে(School Students Grow Vegetables) ।
বিদ্যালয়ৰ আবাদী মাটিত ছাত্ৰ-ছাত্ৰীসকলক পুথিগত শিক্ষাৰ লগতে খেতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ শিক্ষকসকলে কৰিছে এখন জৈৱিক শাকনিবাৰী । শাকনিবাৰীত প্ৰতিদিনেই ছাত্ৰ-ছাত্ৰীসকলক খেতিৰ পদ্ধতি, যতন সৰ্ম্পকত জ্ঞান দিয়া হয় । বিভিন্ন শাক-পাচলিৰ পুলি ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ পঠাই কৰি তাৰ কিদৰে ৰোপণ কৰি যত্ন ল’ব লাগে সেয়াও শিকোৱা হয় । ইপিনে এই বাৰীয়ে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় পাচলি উৎপাদন কৰি সম্পূৰ্ণ জৈৱিক-পাচলিৰে ছাত্ৰীসকলক খোৱাৰ ব্যৱস্থা কৰে(Organic Mid Day Meals ) ।
উল্লেখযোগ্য যে অসম চৰকাৰে বৰ্তমান প্ৰতিখন বিদ্যালয়ত একোখনকৈ কিটচেন গাৰ্ডেন পাতি ছাত্ৰ-ছাত্ৰীসকলক পুথিগত শিক্ষাৰ সমান্তৰালকৈ ব্যৱহাৰিক শিক্ষা প্ৰদানৰ এক ব্যৱস্থা কৰিছে(Grow Organic Veggies in School Grounds) ৷ কিন্তু ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ে চৰকাৰী নিৰ্দেশনাৰ বহুবছৰ পূৰ্বৰে পৰা এই বাগিচা পাতি খেতি কৰি আহিছে । এইবাৰ বন্ধাকবি, ওলকবি, বেঙেনা, আলু, ফুলকবি, পালেং, ধনিয়াকৈ ধৰি বিভিন্ন খেতি কৰিছে বিদ্যালয়খনে ৷
ইপিনে বিদ্যালয়ৰ চৌহদত আম, লেটেকু, কল, কুঁহিয়াৰ, শিলিখা, আমলখিকে আদি কৰি বিভিন্ন বতৰৰ ফলমূলৰ গছ ৰোপন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ ইতিমধ্যে কিছুমান গছত ফলো ধৰিছে । তেওঁলোকে লগতে বিদ্যালয়ৰ চৌহদ বিভিন্ন ফুলৰ ফুলনী পাতি এক আকৰ্ষণীয় পৰিবেশ গঢ়ি এক সুন্দৰ পৰিবেশ গঢ়ি তুলিছে । এই সকলো কৰ্মত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, মাতৃগোট তথা অভিভাৱক স্থানীয় ৰাইজে সৰ্বতোপ্ৰকাৰে সহায় কৰি আহিছে যিটো এক অতি ইতিবাচক পদক্ষেপ বুলি সকলোৱে মত প্ৰকাশ কৰিছে ।
লগতে পঢ়ক:Expo Organic North East: জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে মহানগৰীত এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট