Bamboo Bridge at Kaliabor: বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা কণ কণ শিক্ষাৰ্থীৰ - Bamboo Bridge at Kaliabor
কলিয়াবৰ, 18 মাৰ্চ: চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে কলিয়াবৰৰ মিছামুখ পামৰ এখন বাঁহৰ দলঙে ৷ এখন পকা দলঙৰ অভাৱত জৰাজীৰ্ণ বাঁহৰ দলঙেৰেই দৈনিক যাতায়ত কৰে শ শ লোকে ৷ নিজৰ গাঁঠিৰ ধন ভাঙি ৰাইজে যাতায়তৰ সুবিধাৰ্থে নিৰ্মাণ কৰি লৈছে বাঁহৰ দলঙখন ৷
এখন বাঁহৰ দলঙেৰে বছৰ বছৰ ধৰি বিপদ সংকুল যাত্ৰা কলিয়াবৰৰ মিছামুখ পাম, শিয়ালখাটী-খলিহামাৰীবাসী ৰাইজৰ । ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে শ-শ লোক দৈনিক এই দলঙেৰেই যাতায়ত কৰে । বিশেষকৈ বাৰিষাৰ সময়ত যাতায়তৰ অনুপযোগী হৈ পৰা দলঙখনৰ বাবে জীয়াটো ভূগিবলগা হয় অঞ্চলবাসীয়ে ৷
উল্লেখ্য যে, কলিয়াবৰ সমষ্টিৰ মিছামুখ পামতে আছে দুখনকৈ বিদ্যালয় । মিছামুখ পাম মজলীয়া বিদ্যালয় আৰু মিছামুখ পাম উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিবলৈ শিয়ালখাটী-খলিহামাৰীৰ পৰা শতাধিক ছাত্ৰ-ছাত্ৰী এই দলঙেৰেই যাতায়ত কৰে । কলঙৰ ওপৰত থকা এই দলঙখন বাৰিষা বাঢ়নী পানীৰ সোঁতত উটি যায় । ফলত কলগছৰ ভূৰেই হৈ পৰে যাতায়তৰ একমাত্ৰ মাধ্যম ৷ কলগছৰ ভূৰতেই বিপদসংকুলভাৱে যাত্ৰা কৰিবলগা হয় কণ কণ শিক্ষাৰ্থী সকলে ৷
ৰাইজৰ এই সমস্যা দূৰ কৰাৰ বাবে শীঘ্ৰেই এখন পকী দলঙ নিৰ্মাণৰ দাবী জনাইছে অঞ্চলবাসীয়ে ।