Silapathar: ভূগোল বিজ্ঞানত সৰ্বোচ্চ নম্বৰেৰে উজ্বলিল মেধাৱী ছাত্ৰ বিজয়াদিত্য চুংক্ৰাং - উজ্বলিল ছাত্ৰ বিজয়াদিত্য চুংক্ৰাং
জোনাই,5 আগষ্ট:ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীত সৰ্বোচ্চ নম্বৰ লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে ধেমাজি জিলা চিলাপথাৰৰ এগৰাকী মেধাবী ছাত্ৰই । ৮৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত বিজয়াদিত্য চুংক্ৰাঙে ভূগোল বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীত সৰ্বোচ্চ নম্বৰ লাভ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
চিলাপথাৰ কুলাজানপামৰ গাঁৱৰ নিবাসী তথা ডিব্ৰু মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ঘনশ্যাম চুংক্ৰাঙ আৰু তেজস্বী চুংক্ৰাঙৰ কনিষ্ঠ পূত্ৰ বিজয়াদিত্য ৷ আনহাতে অলপতে অনুষ্ঠিত ইউ জি চি'ৰ নেট (NET) পৰীক্ষাক সফলতা লাভ কৰাৰ উপৰিও ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক অৰ্জন কৰাত উৎফুল্লিত পিতৃ-মাতৃ । ইফালে মেধাৱী ছাত্ৰ জনে ভৱিষ্যতে ভূগোল বিষয়টোত গৱেষণা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে মেধাবী ছাত্ৰজনে ৷
লগতে পঢ়ক:Mission against Drugs: জোনাইত ড্ৰাগছ বিৰোধী অভিযানত আটক মহিলাসহ পাঁচ সৰবৰাহকাৰী