Student Union Protest : বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষক বৰ্খাস্তৰ দাবীত উত্তাল প্ৰতিবাদ - অধ্যক্ষ ভাস্কৰ কলিতা
নলবাৰী, ১৪ আগষ্ট: নলবাৰীৰ মুকালমুৱাত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষক বৰ্খাস্ত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ ছাত্ৰ একতা সভাৰ। সোমবাৰে নলবাৰী জিলাৰ মুকালমুৱাত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ কলিতাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা আৰু বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ আছু গোটে।
অভিযোগ অনুসৰি অধ্যক্ষ ভাস্কৰ কলিতাই মহাবিদ্যালয়খনত প্ৰথম ষাণ্মাসিকত নামভৰ্তিৰ ক্ষেত্ৰত অধিক মাচুল সংগ্ৰহ কৰা, পৰিচালনা সমিতিৰ অনুমোদন অবিহনে মহাবিদ্যালয় পুঁজিৰ পৰা ৩০ লাখ টকা খৰচ কৰাৰ লগতে মহাবিদ্যালয়ত উৎসৱ পাৰ্বন আদি অনুস্থিত কৰাৰ বাবদ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলৰ পৰা উৎকোচ বিচৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ভাস্কৰ কলিতাক বৰ্খাস্ত কৰাৰ বাবে দাবী জনাই ছাত্ৰ একতা সভাই দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
লগতে সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্ত কৰিবলৈ আহ্বান জনাই বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই। মুকালমুৱাৰ ৰাজহুৱা পেক্ষাগৃহত আয়োজন কৰা এই ধৰ্মঘট কাৰ্যসূচীত মহাবিদ্যালয়খনৰ প্ৰায় শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক:77th independence day: স্বাধীনতা দিৱসৰ বাবে মহানগৰীত কটকটীয়া নিৰাপত্তা বেষ্টনী