suicide at Nalbari: নলবাৰীত পলিটেকনিক কলেজৰ ছাত্ৰৰ আত্মহত্যা - নলবাৰীত পলিটেকনিক কলেজৰ ছাত্ৰ আত্মহত্যা
নলবাৰীৰ চান্দকুছিত থকা পলিটেকনিক কলেজৰ ছাত্ৰৰ আত্মহত্যা (Polytechnic college student commits suicide)। ইলেক্ট্ৰিকেল বিভাগৰ ৰাজকমল কলিতা (২২) নামৰ ছাত্ৰ এজনে ভাড়াঘৰৰ কোঠাত আত্মহত্যা কৰে (Student suicide at Nalbari) । গুৱাহাটীৰ গড়চুকৰ ছাত্ৰজন নলবাৰী পলিটেকনিক কলেজৰ সমীপৰ দৌকুছি গাঁৱৰ এটা ঘৰত ভাড়াতীয়া হিচাপে আছিল ৷ নিশাই আত্মহত্যা কৰে যদিও দুপৰীয়ালৈ দৰ্জা বন্ধ হৈ থকাত সন্দেহ ওপজাত গৃহস্থই দৰ্জা ভাঙি ভিতৰত প্ৰবেশ কৰি মৃতদেহটো ফেনত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিছতেই নলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ।
Last Updated : Feb 3, 2023, 8:29 PM IST