অসম

assam

Student missing: তৈল নগৰীত 5 দিন ধৰি সন্ধানহীন এগৰাকী ছাত্ৰ

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:33 PM IST

5 দিন ধৰি সন্ধানহীন এগৰাকী ছাত্ৰ

মৰাণ, 25 আগষ্ট : তৈল নগৰী দুলীয়াজানত ছাত্ৰ সন্ধানহীনৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ডিব্ৰুগড়ৰ দুলীয়াজানৰ মাজমজিয়াৰ পৰা এগৰাকী ছাত্ৰ সন্ধানহীন হৈছে । সন্ধানহীন ছাত্ৰগৰাকী দুলীয়াজানৰ দৈনিক বজাৰ সোণাপুৰ অঞ্চলৰ ৰাখাল চন্দৰ পুত্ৰ বিশাল চন্দ বুলি জানিব পৰা গৈছে ৷ লাল বাহাদুৰ শাস্ত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ বিশাল। 

বিগত পাঁচ দিন ধৰি সন্ধানহীন হৈ আছে ছাত্ৰগৰাকী । যোৱা ২০ আগষ্টত সন্ধিয়া নিজ বাসগৃহৰ পৰা দোকানলৈ সামগ্ৰী আনিবলৈ যোৱাৰ পথৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰগৰাকী । পৰিয়ালৰ লোকে ছাত্ৰগৰাকীৰ আত্মীয়-কুটুমৰ লগতে স্থানীয় কেইবাঘৰতো বিচাৰ-খোচাৰ কৰে যদিও ক’তো সন্ধান উলিয়াবলৈ সক্ষম নহয় । 

অৱশেষত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি ছাত্ৰগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কেনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । ছাত্ৰগৰাকী সন্ধানহীন হোৱাৰ ঘটনাই পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক:Murder case at Behali: পুত্ৰৰ আক্ৰমণত মাহীমাকৰ মৃত্যু, গুৰুতৰভাৱে আহত পিতৃ

ABOUT THE AUTHOR

...view details