অসম

assam

নগালেণ্ডত তিনি টিজিত এৰিয়া ছাত্ৰ সন্থাৰ নেতাক আক্ৰমণ

ETV Bharat / videos

Student leader killed in Nagaland : ড্ৰাগছ ৰোধ কৰিবলৈ গৈ নগালেণ্ডত ছাত্ৰ নেতাৰ মৃত্যু

By

Published : May 25, 2023, 4:45 PM IST

Updated : May 25, 2023, 4:55 PM IST

শিৱসাগৰ, 25 মে’ : নগালেণ্ডৰ মন জিলাৰ টিজিতৰ নামচা ফানতম কলনীত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা । নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ খবৰ পাই উপস্থিত হোৱা তিনি টিজিত এৰিয়া ছাত্ৰ সন্থাৰ নেতাক আক্ৰমণ । এই আক্ৰমণত নিহত হয় টিজিত এৰিয়া ছাত্ৰ সন্থাৰ এক্সন চেয়াৰমেন আহোৱা কন্যাক (Student leader killed in Nagaland while trying to curb drugs)। ইতিমধ্যে চিনাক্ত কৰা হৈছে আক্ৰমণকাৰী মেনচান কন্যাক ।

ইফালে উত্তেজিত নগা জনতাই অগ্নিসংযোগ কৰি ভস্মীভূত কৰে অভিযুক্তৰ বাসগৃহটো । অৱশ্যে নামচা আৰক্ষী থানাত আত্মসমৰ্পন কৰে অভিযুক্ত মেনচান কন্যাকে । আনহাতে, উক্ত ঘটনাৰ পাচতে টিজিত এৰিয়া ছাত্ৰ সন্থাই মন জিলা 26 মে’ পৰ্যন্ত সম্পূৰ্ণ বন্ধ ঘোষণা কৰে  । ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তেজিত হৈ আছে টিজিত অঞ্চলৰ লগতে সমগ্ৰ মন জিলা ।

লগতে পঢ়ক :Drugs seized at Rangia: ৰঙিয়াত ড্ৰাগছসহ আসক্ত কিশোৰক হাতে-লোটে কৰায়ত্ত

Last Updated : May 25, 2023, 4:55 PM IST

ABOUT THE AUTHOR

...view details