অসম

assam

By

Published : Nov 1, 2022, 5:32 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

ETV Bharat / videos

Tragic Accident: বিহপুৰীয়াৰ বৰবালি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত বৰবালি চাৰিআলিত আজি পুৱাতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (tragic accident at Bihpuria Lakhimpur) । প্ৰথম শ্ৰেণীত পঢ়ি থকা আদিত্য দত্ত নামৰ ছাত্ৰজন বিদ্যালয়লৈ গৈ থকা অৱস্থাত AS-07-AC-7491 নম্বৰৰ দ্ৰুতবেগী ডাম্পাৰখনে মহতিয়াই নিয়াৰ ফলত ছাত্ৰজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে (dumper swept away student at Bihpuria) । উক্ত দুৰ্ঘটনাটোৰ প্ৰতিবাদত খেৰাজখাত সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ দাবীত উক্ত স্থানৰ চাৰিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্থানীয় ৰাইজে পথালিপাহাৰ বিহপুৰীয়া সংযোগী গড়কাপ্তানী পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (student protest against road accident)। পৰৱৰ্তী সময়ত বিহপুৰীয়া আৰক্ষীৰ লগতে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ৰাইজৰ লগত এক আলোচনাত মিলিত হয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়াতৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত প্ৰতিবাদ কাৰ্যসূচী উঠাই লয় । ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ অভিযোগ অনুসৰি উক্ত পথৰে শিল-বালিৰ অবাধ বেহা চলাই আহিছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details