HS Result 2022 : ভৱিষ্যতে শিক্ষয়িত্ৰী হোৱাৰ মন যোৰহাটৰ ৰিষ্ণনাৰ - HS Result of Luit Valley Academy
যোৰহাট, 10 জুন : বোকাৰ পদুম হৈ জিলিকিল যোৰহাটৰ ৰিষ্ণনা শইকীয়া । সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 91 শতাংশ নম্বৰেৰে পশ্চিম যোৰহাট লৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটৰ দ-গাঁৱৰ ৰিষ্ণনাই । দিন হাজিৰা কৰি যথেষ্ট কষ্ট স্বীকাৰ কৰি পিতৃয়ে কন্যাক পঢ়ুৱাইছিল যোৰহাটৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান লুইত ভেলী একাডেমীত (SEBA HS Result 2022) ৷
মেধাৱী ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰাখিছে । দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ ৰাজীৱ শইকীয়া আৰু মাতৃ ৰঞ্জিতা শইকীয়াই কন্যাৰ উচ্চ শিক্ষাৰ বাবে বিভিন্নজনৰ পৰা বিচাৰিছে সহায়ৰ হাত (HS Result of Luit Valley Academy)।
ছাত্ৰীগৰাকীৰ সাফল্যৰ খবৰ লাভ কৰাৰ পিচতে লুইত ভেলী একাডেমীত শিক্ষক-শিক্ষয়িত্ৰী, গাঁওবাসীৰ লগতে অসংখ্য গুণমুগ্ধই ভিৰ কৰেহি ছাত্রীগৰাকীৰ বাসগৃহত ।
লগতে পঢ়ক :Strom Hits Dhemaji District : ধেমাজিত বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতি, এজনৰ মৃত্যু