অসম

assam

এককালীন আৰ্থিক সাহাৰ্য বিতৰণ অনুষ্ঠান

ETV Bharat / videos

Tai language in school: উচ্চতৰ মাধ্যমিকত ঐচ্ছিক বিষয় হিচাপে স্থান লাভ কৰিব টাই ভাষাই - এককালীন আৰ্থিক সাহাৰ্য বিতৰণ অনুষ্ঠান

By

Published : Apr 12, 2023, 10:16 PM IST

ডিব্ৰুগড়, 12 এপ্ৰিল : আহোম জনগোষ্ঠীসকলৰ বাবে এটা ঐতিহাসিক দিন ৷ এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিকত ঐচ্ছিক বিষয় হিচাপে ছাত্ৰ-ছাত্ৰীয়ে বাছি ল’ব পাৰিব টাই ভাষা ৷ মন্ত্ৰী যোগেন মহনে এই কথা সদৰী কৰে (Tai language as an elective subject) ৷ দৰাচলতে বুধবাৰে মৰাণত মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁ‌চনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান সম্পন্ন হৈ যায় ৷ 

মহন-দেওধাই-বাইলুং সন্মিলন অসম আৰু মহন-দেওধাই-বাইলুং পণ্ডিত পৰিষদৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁ‌চনিৰ অধীনত মৰাণত টাই পুৰোহিত সকললৈ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হয় । এই উদ্দেশ্যে মৰাণ মিলিত শিল্পী সমাজ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ 

উক্ত অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই (financial assistance to tai purohit) ।

এককালীন আৰ্থিক সাহাৰ্য বিতৰণ অনুষ্ঠানত টাই পুৰোহিত সকলক ১০ হাজাৰকৈ টকা আৰ্থিক সাহাৰ্য বিতৰণ কৰা হয় । মুকলি সভাখনত মন্ত্ৰী যোগেন মহন উপস্থিত থাকি সাংবাদিকৰ আগত কয় যে, এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকত ঐচ্ছিক বিষয়ত স্থান পাব টাই ভাষাই । ছাত্ৰ-ছাত্ৰী সকলে নিজৰ পচন্দ অনুসৰি বিষয়টো বাছি ল'ব পাৰিব । বিভিন্ন দল- সংগঠনৰ দাবীত চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে । 

আনহাতে, এই চেক বিতৰণ কাৰ্যসূচীতে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, 14 এপ্ৰিলৰ দিনটোত যাতে সকলোৱে যিকোনো ধৰণৰ প্ৰতিবাদ আৰু নেতিবাচক কাৰ্যৰ পৰা আঁতৰি থাকি কেৱল মাত্ৰ যেন অসমীয়াৰ স্বাভিমান বিহু উদযাপনত গুৰুত্ব দিয়ে ৷ বিশ্ব অভিলেখ গঢ়িবলৈ আগবঢ়া অসমৰ বিহুৱা-বিহুৱতীসকলক যাতে সেইদিনা সকলোৱে উৎসাহ যোগাই তাকেই তেওঁ কামান কৰে ৷ 

ভেঞ্চাৰ শিক্ষক সকলে গুৱাহাটীত দিবলগীয়া ধৰ্ণাৰ সন্দৰ্ভত কয় যে, ১৪ তাৰিখৰ দিনটোত এইবিলাক কাৰ্য লৈ কোনো ব্যস্ত নহওঁক । ১৫ তাৰিখৰ পৰাহে এইধৰণৰ বিষয়ত কথা পতা উচিত বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :Dr Rupam Jyoti Sharma: আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টা পদত অসমৰ ড৹ ৰূপম জ্যোতি শৰ্মা

ABOUT THE AUTHOR

...view details