কোকৰাঝাৰৰ মাগুৰমাৰীত আই টি আই ছাত্ৰৰ মৃতদেহ উদ্ধাৰ
Published : Dec 30, 2023, 9:41 PM IST
কোকৰাঝাৰ, ৩০ ডিচেম্বৰ : কোকৰাঝাৰৰ মাগুৰমাৰীত এগৰাকী আই টি আইৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কোকৰাঝাৰ চহৰৰ নিলগৰ মাগুৰমাৰী চাহ-বাগানৰ এটা নলাৰ পৰা শনিবাৰে উদ্ধাৰ হৈছে মৃতদেহটো ৷ মৃতদেহটো কোকৰাঝাৰ চহৰৰ ৰূপাথি নগৰৰ তিনি নং ৱাৰ্ডৰ গেৰেমছা নাৰ্জাৰী (১৯) ৰ বুলি চিনাক্ত কৰা হৈছে ৷ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ৷
উল্লেখ্য যে, গেৰেমছা নাৰ্জাৰী যোৱা তিনি ধৰি নিখোজ হৈ আছিল ৷ পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰি সন্ধান পোৱা নাছিল গেৰেমছা নাৰ্জাৰীৰ ৷ ইয়াৰ মাজতে আজি স্থানীয় ৰাইজে কোকৰাঝাৰৰ মাগুৰমাৰী চাহ-বাগানৰ নলাত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি কোকৰাঝাৰ সদৰ থানাৰ আৰক্ষীক খবৰ দিয়ে ৷ ইয়াৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি কোকৰাঝাৰ থানালৈ লৈ যায় ৷ আৰক্ষীয়ে মৃতদেহটো কোকৰাঝাৰ চহৰৰ ৰূপাথি নগৰৰ জগদ্বীপ নাৰ্জাৰীৰ পুত্ৰ গেৰেমছা নাৰ্জাৰী (১৯) বুলি চিনাক্ত কৰে ৷ মৃত গেৰেমছা নাৰ্জাৰী গোসাইগাঁও আই টি আইৰ ছাত্ৰ আছিল ৷
ইপিনে গেৰেমছা নাৰ্জাৰীৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে ৷ মৃতদেহটোৰ পেটত আৰু মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলিও পৰিয়ালৰ লোকে অভিযোগ কৰে ৷ আনহাতে নিখিল বড়ো ছাত্ৰ চমুকৈ এবছুৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতিয়েও এয়া হত্যাকাণ্ড বুলি উল্লেখ কৰি হত্যাকাণ্ডৰে জড়িত দোষীক ২৪ ঘণ্টাৰ ভিতৰতে আটক কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক দাবী জনায় ৷ মন কৰিবলগীয়া যে, মৃত গেৰেমছা নাৰ্জাৰীৰ ম’বাইল আৰু স্কুটীখনো এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক :বৰাগাঁও হত্যাকাণ্ডৰ ২৪ ঘণ্টা উকলি যোৱাৰ পিচতো আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ