Protest in Majuli :পুৰণি পেন্সন নীতি বাহাল ৰাখিবলৈ দাবী জনাই কৰ্মবিৰতি - Auniati Hemchandra Higher Secondary School
Published : Aug 22, 2023, 5:21 PM IST
মাজুলী, ২২ আগষ্ট:অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেন্সন ব্যবস্থা পুনঃপ্ৰৱৰ্তনৰ দাবীত অসমৰ শিক্ষক কৰ্মচাৰী সমাজে আজিৰ পৰা দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিছে । সমগ্র ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলিতো কৰ্মবিৰতি পালন কৰা হয় ।
মাজুলীৰ আউনিআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰ্মবিৰতি পালন কৰে ৷ চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেন্সন নীতি বাহাল ৰাখি নতুন পেন্সন নীতি বাতিল কৰিবলৈ দাবী জনাই কৰ্মচাৰীসকলে ৷
প্ৰতিবাদীসকলে কয় যে এইসকল কৰ্মচাৰীক পুৰণি পেন্সন ব্যবস্থা ঘূৰাই দিব লাগে যাতে তেওঁলোকৰ যি অবসৰকালীন যিটো জীৱন তাৰ নিৰাপত্তা দিব লাগে । চৰকাৰে যি সময়লৈকে এই সকল শিক্ষক কৰ্মচাৰীৰ দাবী মানি নলয় তেতিয়ালৈকে এই আন্দোলন নিৰবিছিন্নভাৱে চলি থাকিব বুলি কয় ।
লগতে পঢ়ক:UNESCO TWAS Fellowship: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সঃ অধ্যাপক ডঃ হেমেন শৰ্মালৈ UNESCO TWAS ফেল’শ্বিপ