অসম

assam

ধনশিৰি মহকুমাত ধুমুহাৰ তাণ্ডৱ

ETV Bharat / videos

Storm ravages Dhansiri sub division: ধনশিৰি মহকুমাক জোকাৰি থৈ গ’ল প্ৰচণ্ড ধুমুহাই - ধুমুহা

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:57 PM IST

Updated : Sep 8, 2023, 10:07 AM IST

সৰুপথাৰ, 7 ছেপ্টেম্বৰ :উৎকট গৰমে ৰাজ্যবাসীক জ্বলা-কলা খুৱাই থকাৰ সময়তে আহিল এজাক বৰষুণ ৷ অসহ্য গৰমত দহি পুৰি ৰাইজে আশা কৰি আছিল এজাক বৰষুণৰ ৷ অৱশেষত বৃহস্পতিবাৰে আহিল এজাক বৰষুণ ৷ বৰষুণ আহিল কিন্তু লগত লৈ আহিল ধুমুহা ৷ এতিয়া ধুমুহাই তচ-নচ কৰিলে ৰাজ্যৰ বহু অঞ্চল ৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধনশিৰি মহকুমাতো ধুমুহাই চলালে তাণ্ডৱ । ৰাস্তাত গছ উভালি পৰাৰ লগতে বন্ধ হৈ পৰে যাতায়ত ৷ এই ধুমুহাই মহকুমাটোৰ মানুহৰ ঘৰৰ টিনপাতবোৰো উৰুৱাই লৈ যায় । ধুমুহাৰ ফলত উৰিয়ামঘাটৰ ফৰেষ্ট তিনি আলিৰ সমীপত সৰুপথাৰ-উৰিয়ামঘাট লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰত  প্ৰকাণ্ড গছ ভাঙি পৰে ।

বৃহস্পতিবাৰে আবেলি অহা এইজাক ধুমুহাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ কেইবাখনো ডাম্পাৰ, যাত্ৰীবাহী বাছ, স্কুল বাছ বাট-পথত আবদ্ধ হৈ পৰে । ইয়াৰ লগতে বিদ্যুতৰ খুঁটা উভালি পৰাও পৰিলক্ষিত হৈছে । কেইবাখনো বিদ্যালয় আৰু নামঘৰৰ টিনপাত উৰুৱাই নিয়ে ধুমুহাই ।

লগতে পঢ়ক :Storm lashes in Jorhat:উৎকট গৰম, আহিল এজাক বৰষুণ তাকো ধুমুহাৰ তাণ্ডৱৰ সৈতে 

Last Updated : Sep 8, 2023, 10:07 AM IST

ABOUT THE AUTHOR

...view details