Heavy hailstorm in Dhemaji: ধুমুহাই উৰুৱাই নিলে আপোন পজাটি; দুৰ্ভগীয়াৰ হাহাকাৰ
ধেমাজি, 20 এপ্ৰিল : এজাক প্ৰচণ্ড ধুমুহাই জোকাৰি গ’ল অসমৰ বিভিন্ন প্ৰান্ত ৷ এই কাল ধুমুহাই বহু লোকৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ বিশেষকৈ বুধবাৰে বিয়লি অহা এই প্ৰচণ্ড ধুমুহাত ধেমাজি জিলাত বিস্তৰ ক্ষতিসাধন হয় ৷ বহু পৰিয়ালে হেৰুৱাবলগীয়া হয় আপোন ঘৰখন ৷ এই ধুমুহাই জিলাখনৰ ধেমাজি, চিচিবৰ গাঁৱৰ ৰাজহ চক্ৰত বিস্তৰ ক্ষতি সাধন কৰে (Storm devastated several areas in Dhemaji) ৷
বৃহস্পতিবাৰে বাতৰি লিখা পৰ্যন্ত এই ধুমুহাত ধেমাজি ৰাজহ চক্ৰত কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা নাই যদিও দুপৰীয়া পৰ্যন্ত ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰা নাই প্ৰশাসনৰ কোনো লোকে (Heavy rain and hailstorm in Dhemaji) ৷ ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ বিষ্ণুপুৰ পাঁচআলিৰ সমীপৰ শান্তিপুৰ টঙনা পৰা, শান্তিপুৰ মাজগাঁও, শান্তিপুৰ আমগুৰিত এই কাল ধুমুহাই ত্ৰাসৰ সৃষ্টি কৰে ৷
এই ধুমুহাত শান্তিপুৰ আমগুৰি গাঁৱৰ যাদৱ বৰাৰ বাসগৃহটো সম্পূৰ্ণৰূপে ধবংস স্তুপত পৰিণত হয় ৷ চকুৰ সন্মুখতে তচনচ হৈ পৰে আপোন ঘৰখন ৷ দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে দুটি শিশুসহ পৰিয়ালটো ৷ সেইদৰে অঞ্চলটোৰ নাৰায়ন বৰা, ৰাজু দাস, প্ৰবীন গগৈ, মুনীন্দ্ৰ শইকীয়া, লব বড়া, ভূধৰ বনিয়া, দীপেন ভৰালী, বিচিত্ৰা বনিয়াৰ বাসগৃহো বহু পৰিমাণে ক্ষতি সাধন হয় ৷ ফলত আশ্ৰয়হীন হৈ পৰা পৰিয়ালকেইটাৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় । ইতিমধ্যে স্থানীয় ৰাইজে মিলি নিৰ্মাণ কৰিছে ক্ষতিগ্ৰস্ত লোককেইজনৰ বাসগৃহ ৷
লগতে পঢ়ক :Heavy Storm in Rangia: ৰঙিয়াত বৰদৈচিলাৰ তাণ্ডৱ; সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত