Storm at Namrup: নামৰূপত নিশা প্ৰচণ্ড ধুমুহা; গছ পৰি ক্ষতিগ্ৰস্ত কেইবাখনো বাহন - নামৰূপত নিশা প্ৰচণ্ড ধুমুহা
ডিব্ৰুগড়, 26 এপ্ৰিল: মঙলবাৰে নিশা প্ৰচণ্ড ধুমুহাই জোকাৰি গ'ল নামৰূপৰ বিভিন্ন অঞ্চল ৷ প্ৰচণ্ড ধুমুহাই যথেষ্ট ক্ষতি কৰে নামৰূপৰ (Heavy Storm at Namrup) ৷
ধুমুহাত জয়পুৰ-নামৰূপ সংযোগী ধোদৰ আলিৰ নামৰূপ সোণাৰি তিনিআলিৰ সমীপত বৃহৎ গছ পৰি আবদ্ধ হয় পথ ৷ ফিডাৰ আলিৰ শৰ্মা তিনি আলিৰ সমীপতো গছ পৰি আবদ্ধ হৈ পৰে মূল পথ (Storm destroyed Residence and property at Namrup) ৷
এই প্ৰচণ্ড ধুমুহাত গছ উভালি পৰি কেইবাখনো বাহন ক্ষতিসাধন হয় ৷ সাৰ কাৰখানাৰ আৱাসিক এলেকাতো ঠায়ে ঠায়ে গছ উভালি বিস্তৰ ক্ষতি সাধন হয় ৷ বিদ্যুতৰ তাঁৰ ছিঙি , দোকান পোহাৰৰ টিং উৰুৱাই ব্যাপক ক্ষতি কৰে ধুমুহাই ৷ উল্লেখযোগ্য যে দুটা দিনৰ পুৰ্বে নামৰূপ নিগাম তিনি আলিত ধুমুহাৰ ফলত বাগৰি পৰা এজোপা বৃহৎ গছত বাইকে খুন্দা মৰাৰ ফলত এজন লোকৰ থিতাতে মৃত্যু হৈছিল ৷
লগতে পঢ়ক: Sensor Camera at Kaziranga: নিষ্ক্ৰিয় অৱস্থাত কাজিৰঙাৰ ব্যয়বহুল স্পীড মনিটৰিং ব্যৱস্থা