Storm in Jonai: জোনাইত ধুমুহাত বিধ্বস্ত শতাধিক পৰিয়ালৰ গৃহ - জোনাইত ধুমুহাত বিধ্বস্ত শতাধিক পৰিয়ালৰ গৃহ
জোনাই,৩ মে':ধুমুহাত বিধ্বস্ত জোনাইৰ কেইবাখনো গাঁও (Storm damaged house in Jonai)৷ দুই শতাধিক ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে মৃত্যু হৈছে বহু পশুধনৰ । মঙলবাৰে সন্ধিয়া অহা এজাক ধুমুহাই বিধ্বস্ত কৰিলে জোনাইৰ ডেকাপামৰ মিছামৰা পঞ্চায়তৰ কেইবাখনো গাঁৱৰ বহু পৰিয়ালৰ দুৱাৰ ৷ মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অহা এজাক বিধ্বংসী ধুমুহাই জোনাইৰ মিছামৰা পঞ্চায়তৰ মিছামৰা নামকিৰচুক, মধুপুৰ, নাওকটা, মিছমৰা তিনিআলি, কাৰিচুক, অন্নপুৰ, হস্তিনাপুৰ আদি গাঁও তচনচ কৰে ।
বিধ্বংসী ধুমুহাই জোনাইৰ বিশেষকৈ মিছমৰা তিনিআলি গাঁৱৰ বহু পৰিয়ালৰ ঘৰ উৰুৱাই নিয়ে ৷ ধুমুহাই ঘৰৰ লগতে ভঁৰাল ঘৰ, গোহালিঘৰৰ টিং উৰুৱাই নিয়াত ৮ টাকৈ গোধনৰ মৃত্যু হয় ৷ জোনাইৰ মিছামৰা অঞ্চলৰ ৰাইজৰ এতিয়া বিলাই বিপত্তি নোহোৱা হৈছে ৷ ঘৰ বাৰী ধুমুহাই ভাঙি পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজক অনতিপলমে চৰকাৰ তথা প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰি ত্ৰিপাল আৰু খাদ্য়ৰ যোগান ধৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:BRM Law college Megazine: বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ৰ আলোচনী উন্মোচন