Storm caused heavy damage to crops: প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে জোনাইৰ বহু পৰিয়াল - জোনাইৰ গিনে মহমৰাত বিধ্বংসী ধুমুহা
জোনাই, 2 এপ্ৰিল :দেওবাৰৰ পুৱাই অহা প্ৰচণ্ড বতাহ-ধুমুহাৰ ফলত ধেমাজি জিলাৰ জোনাইৰ গিনে মহমৰাৰ কেইবাটাও পৰিয়াল হৈ পৰিছে গৃহহাৰা ৷ জোনাইৰ গিনে মহমৰাত বিধ্বংসী ধুমুহাই কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে মূল্যৱান গছ-গছনি উভালি পেলোৱাৰ উপৰিও খেতি পথাৰৰ শস্য তচ-নচ কৰি থৈ যায় ৷ বিদ্যালয় গৃহ, বিদ্যুতৰ খুঁটা আদিও ধুমুহা-বৰষুণজাকে উভালি থৈ যোৱাৰ ফলত সমস্যাত পৰিছে সংশ্লিষ্ট অঞ্চলবাসী (Thunderstorm shook at Jonai) ৷
দেওবাৰৰ পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাই জোনাইৰ গিনে মহমৰাৰ বহু ঘৰৰ টিন-বেৰ উৰুৱাই নিয়ে ৷ ধুমুহাৰ ফলত অঞ্চলটোৰ প্ৰায় ৬০ উৰ্ধৰ এগৰাকী বৃদ্ধা ঘৰৰ ওপৰৰ পৰা তললৈ পৰি যোৱা দৰে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ ইয়াৰ ফলত দুখন ভৰি সম্পূৰ্ণৰূপে ভাঙি পৰে বৃদ্ধাগৰাকীৰ ৷ তদুপৰি, বহু কৃষকৰ খেতি-পথাৰ তথা শাক-পাচলি খেতিৰ বিস্তৰ ক্ষতি হোৱাত খেতিয়ক ৰাইজে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে (Storm devastated several areas at Jonai) ৷
হঠাতে অহা প্ৰলয়ংকাৰী ধুমুহাই জোনাইৰ কৃষিজীৱী পৰিয়ালৰ মাজত ভীষণ আহুকালৰ সৃষ্টি কৰা পৰিয়ালসমূহক চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ক্ষতিগ্ৰস্ত পৰিয়ালৰ লগতে কৃষিজীৱী ৰাইজে ৷ উল্লেখ্য যে দেওবাৰৰ এই প্ৰচণ্ড ধুমুহাজাকৰ ফলত জোনাইৰ ৰতকেৰ মাজেৰে পাৰ হৈ যোৱা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড এজোপা গছ বাগৰি পৰাত বহু সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত শ শ যান বাহন আৱদ্ধ হৈ পৰাৰ লগতে ব্যাহত হৈ পৰিছিল বিদ্যুত যোগান ব্যৱস্থা (Storm caused heavy damage to crops at Jonai) ।
লগতে পঢ়ক :Hailstorm at Jonai : জোনাইত প্ৰচণ্ড ধুমুহা; বিধ্বস্ত জনজীৱন