অসম

assam

মা হাছাওত প্ৰচণ্ড ধুমুহা

By

Published : Mar 18, 2023, 10:28 PM IST

ETV Bharat / videos

storm in Dima Hasao:ডিমা হাছাওত প্ৰচণ্ড ধুমুহাত ব্য়াপক ক্ষতিসাধন

হাফলং, ১৮ মাৰ্চ:ডিমা হাছাও জিলাত শনিবাৰে প্ৰচণ্ড ধুমুহা আৰু শিলবৃষ্টিত ব্যাপক ক্ষতিসাধন হয় । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাপে পৰিচিত উমৰাংচ'ত বহু লোকৰ ঘৰৰ ক্ষতি হয় (Severe storm in Dima Hasao)। শনিবাৰে দিনৰ ২:৩০ বজাত উমৰাংচ'ত  ধুমহা আৰু বৰষুণৰ লগতে প্ৰকাণ্ড শিল পৰাত বহু লোকৰ ঘৰৰ টিনপাতৰ ব্যাপক ক্ষতি হয় । শিলবৰ্ষণত বহুলোক গৃহহীন হৈ পৰে ।

যোৱা বছৰ ডিমা হাছাও জিলাত এনে বৰষুণৰ ফলত পাহাৰীয়া জিলাখন প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছিল । ইপিনে, উমৰাংচ'ত ধুমুহা আৰু শিলৰ তাণ্ডৱৰ পিছতে ব্যাপক ক্ষয়ক্ষতি হোৱাৰ বাতৰি জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগে লাভ কৰাত জিলা উপায়ুক্ত তথা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ সীমান্ত কুমাৰ দাসে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি  বিভাগৰ বিষয়া-কৰ্মীসকলক  উমৰাংচ'লৈ যাবলৈ নিৰ্দেশ দিয়ে (District Disaster Management Department )।

লগতে পঢ়ক:HSLC question paper leaked : লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ নিৰিক্ষক প্ৰণৱ দত্তৰ বিৰুদ্ধে ক্ষোভ

ABOUT THE AUTHOR

...view details