অসম

assam

শিলাবৃষ্টিত সপোনৰ ঘৰখন তচ-নচ

By

Published : Apr 29, 2023, 10:13 PM IST

ETV Bharat / videos

Storm in Tinsukia: তিনিচুকীয়াত ধুমুহাত ক্ষতিগ্ৰস্তই পোৱা নাই সাহায্য

তিনিচুকীয়া, ২৯ এপ্ৰিল: বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচাৰ দীঘলিপথাৰতো প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিয়ে বহুকেইজন দৰিদ্ৰ লোকৰ সপোনৰ ঘৰখন তচ-নচ কৰিছে (Storm affected people betrayed) । ধুমুহা আৰু শিলাবৃষ্টিয়ে তিনিচুকীয়াৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ গাঁও পঞ্চায়তৰ অধীনৰ দিঘলীপথাৰৰ বহু দৰিদ্ৰ লোকৰ বাসগৃহ, কৃষি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰে (Storm at Bordumsa in Tinsukia) ।

শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত লোকসকলৰ দুখ-দুৰ্দশাৰ বুজ ল'বলৈ বিধায়ক, স্থানীয় জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰী বিষয়া কাৰোৰেই আহৰি নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । ফলত  দীঘলিপথাৰ অঞ্চলটোৰ ৩০ টাতকৈ অধিক ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰী সাহাৰ্য । আনকি এই অঞ্চলটোৰ অধিকাংশ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় আদি চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত হৈ আছে । অতি শীঘ্ৰেই এইসকল ক্ষতিগ্ৰস্ত দৰিদ্ৰ লোকসকলক চৰকাৰী সাহাৰ্য প্ৰদানৰ বাবে অসম জাতীয় পৰিষদৰ লগতে স্থানীয় সচেতন লোকে দাবী জনাইছে (People deprived from govt scheme in Tinsukia)।

লগতে পঢ়ক:Snatching in Guwahati: মহানগৰীৰ চাৰ্ভেত দিন-দুপৰতে দুৰ্বৃত্তই থপিয়াই নিলে মহিলাৰ বেগ

ABOUT THE AUTHOR

...view details