অসম

assam

শিলৰ কুৱেৰীয়ে ভাবুকি কঢ়িয়াইছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ

ETV Bharat / videos

Stone Crusher in Karbi Anglong: শিলৰ কুৱেৰীয়ে ভাবুকি আনিছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ - Stone Crusher in Karbi Anglong

By

Published : Jun 4, 2023, 6:36 PM IST

কলিয়াবৰ, 4 জুন: কাৰ্বি-আংলঙৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ভাবুকি আনিছে শিলৰ কুৱেৰীয়ে ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ সীমান্তৱৰ্তী কাৰ্বি-আংলঙৰ লংকৈ-লেক্‌থে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অশনি সংকেত ৷ এটা শিলৰ কুৱেৰীয়ে ভাবুকি কঢ়িয়াইছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোলৈ (Stone Crusher Threatened to Health Centre) ৷  

কাৰ্বি আংলঙৰ চোচেং ধেন্টা পৰিষদীয় সমষ্টিৰ পাৰ্কুপ পাহাৰত স্থাপিত লংকৈ লেকথে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ কাষতে নতুনকৈ গঢ়ি তোলা হৈছে এটি শিলৰ কুৱেৰী ৷ শিলৰ কুৱেৰীৰ বাবে কাৰ্বি আংলং জিলাৰ 17 নং চোচেং ধেণ্টা পৰিষদীয় সমষ্টিৰ লংকৈ লেকথে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ পৰিবেশ সম্পূৰ্ণ ৰূপে বিনষ্ট হোৱাৰ অভিযোগ উঠিছে (Stone Crusher in Karbi Anglong) ৷  

চিকিৎসালয় খনৰ পৰা প্ৰায় 200 মিটাৰ দূৰত্বত স্থাপিত শিলৰ কুৱেৰীত সঘনাই হৈ থকা বিস্ফোৰণে ভয়ানক শব্দ প্ৰদূষণৰ সৃষ্টি কৰিছে ৷ বিস্ফোৰণত উফৰি অহা শিলে চিকিৎসালয়খনৰ লগতে স্থানীয় গাঁওবাসীৰো যথেষ্ট ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ গতিকে শিলৰ কুৱেৰীটো শীঘ্ৰেই বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কুৱেৰীটো নগাঁৱৰ কে. চি. চি. বিলকন নামৰ এটা প্ৰতিষ্ঠানৰ বুলি জানিব পৰা গৈছে (Stone Crusher) ৷

লগতে পঢ়ক:Crime in Jamugurihat: জামুগুৰিহাটত মহিলাক বান্ধি ডকাইতে লুটিলে সোণৰ অলংকাৰ

ABOUT THE AUTHOR

...view details