Stolen electricity connection: বিধিৰ বিপাক ! পঞ্চায়ততো চোৰাংকৈ কৰিব লগীয়া হৈছে বিদ্যুৎ সংযোগ - পঞ্চায়ত কাৰ্যালয়ত চোৰাং বিদ্যুৎ সংযোগ
টীয়ক, ৪ আগষ্ট:যি সময়ত সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন সোধাই বিদ্যুৎ মাচুল বৃদ্ধি কৰি আছে বিয়াগোম শক্তি বিভাগে, যি সময়ত এমাহ বিদ্যুৎ বিল পৰিশোধ নকৰিলেই ঘৰুৱা বিদ্যুৎ সংযোগ কৰ্তন কৰে তেনে সময়ত টীয়কৰ এটা চৰকাৰী কাৰ্যালয়ত চোৰাংকৈ বিদ্যুৎ সংযোগ কৰা কাৰ্যই সাধাৰণ ৰাইজৰ চকু কঁপালত তুলিছে ।
প্ৰাপ্ত অভিযোগ অনুসৰি টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান উপ-বৈদ্যুতিক সংমণ্ডলৰ অধীনস্থ জাঁজীমুখৰ জাঁজীমুখ গাঁও পঞ্চায়ত কাৰ্যালয়ত দীৰ্ঘদিন ধৰি চোৰাংকৈ অব্যাহত আছে বিদ্যুৎ সংযোগ । কাৰ্যালয়টোৰ সন্মুখ ভাগৰ পৰা বিপদজনকভাবে সংযোগ কৰা এই বিদ্যুৎ যোগানেৰে কাৰ্যালয়টোৰ ফেন, বাল্ব, কম্পিউটাৰ আদি ব্যৱহাৰ কৰি আহিছে ।
খোদ চৰকাৰী কাৰ্যালয়ত চোৰাং বিদ্যুৎ সংযোগ কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সাধাৰণ জনতাৰ লগতে দল সংগঠন । শীঘ্ৰে এনে কাণ্ডৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
লগতে পঢ়ক:Akashdeep Deka: জন্মদিনত কন্যা নমামীলৈ বিশেষ উপহাৰ আকাশদ্বীপ ডেকাৰ