Search Operation against poacher: হাতীৰ দাঁত, গঁড়ৰ নখসহ কলিয়াবৰত 5 জনক আটক
Published : Aug 23, 2023, 2:29 PM IST
কলিয়াবৰ, 23 আগষ্ট: চোৰাং চিকাৰীৰ বিৰুদ্ধে স্পেচিয়েল টাস্ক ফৰ্চৰ অভিযান ৷ মঙলবাৰে নিশা জখলবন্ধাৰ বিভিন্ন স্থানত অভিযান চলাই গুৱাহাটীৰ এছ টি এফ অৰ্থাৎ স্পেচিয়েল টাস্ক ফৰ্চৰ এটা দলে ৷ কলিয়াবৰ আৰক্ষীৰ সহযোগত চলোৱা অভিযানৰ সময়ত হাতীৰ দাঁত, গঁড়ৰ নখ, হৰিণাৰ শিং, হৰিণাৰ লাওখোলা আৰু বনৰৌৰ দেহৰ কিছু অংশ উদ্ধাৰ কৰে অভিযানকাৰী এছ টি এফ দলে ৷ আনহাতে, বন্য জন্তুৰ বিভিন্ন অংগসহ পাঁচ জনক আটক কৰিছে স্পেচিয়েল টাস্ক ফৰ্চে ৷
প্ৰথমে এছ টি এফে জখলাবন্ধাত অভিযান চলাই তিনিজনক আটক কৰে ৷ আটকাধীন তিনি হৈছে গফৰ কুৰেছী, ৱাকিল কুৰেছী আৰু ছাইফুল ইছলাম ৷ ইয়াৰে গফৰ কুৰেছীৰ ঘৰ কলিয়াবৰ তিনিআলি, ৱাকিল কুৰেছীৰ ঘৰ জখলাবন্ধা বজাৰ আৰু ছাইফুল ইছলাম ঘৰ জখলাবন্ধা গৰুবন্ধাত ৷
আন্য স্থানৰ পৰা আটক কৰা আন দুজন হৈছে উজ্জ্বল বৰাই আৰু এ শৰ্মা ৷ ইয়াৰে উজ্জ্বল বৰাই ঘৰ ওদালগুৰিৰ ৰৌতাবাৰী আৰু এ শৰ্মাৰ ঘৰ জালুকবাৰীত বুলি জানিব পৰা গৈছে ৷ কলিয়াবৰ আৰক্ষী আৰু এছ টি এফে 5 জনক আটক কৰাৰ পাচতে নিশাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক উপস্থিত হয় জখলাবন্ধা থানাত । আনহাতে অধিক তথ্যৰ বাবে আটকাধীন লোককেইজন জৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Road Accident at Kaliabor: কলিয়াবৰত যাত্ৰাবাহী বাছ আৰু ব্যক্তিগত বাহনৰ মাজত সংঘৰ্ষ